Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

অষ্টম দৰমহা আয়োগক লৈ চৰ্চা চৰকাৰী কৰ্মচাৰীৰ মাজত। কেতিয়াৰ পৰা কাৰ্যকৰী হব অষ্টম দৰমহা আয়োগ ? চৰ্চা অনুসৰি ১ জানুৱাৰী ২০২৬ ৰ পৰা দেশত কাৰ্যকৰী হোৱাৰ কথা আছিল অষ্টম দৰমহা আয়োগ। কিন্তু আয়োগ গঠনৰ পিছতো নিশ্চিত হোৱা নাই কেতিয়া কৰ্য্যকৰি হ’ব অষ্টম দৰমহা আয়োগ। তাৰ মাজতে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। নৱবৰ্ষৰ পহিলা দিনটোতে অসম চৰকাৰৰ চাকৰিয়াললৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে
নৱবৰ্ষৰ প্ৰথম দিনটোত কইনাধৰাত হৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘নতুন দিনৰ আলাপ’ অসমৰ প্ৰতিটো স্তৰৰ লোকক স্পৰ্শ কৰাকৈ বহু উপহাৰ দিলে মুখ্যমন্ত্ৰীয়ে।সমান্তৰালকৈ অষ্টম দৰমহা আয়োগ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। কেন্দ্ৰীয় চৰকাৰৰ সমান্তৰালকৈ অসম চৰকাৰেও গঠন কৰিব অষ্টম দৰমহা আয়োগ।

Wordpress Social Share Plugin powered by Ultimatelysocial