Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ওদালগুৰি জিলাৰ পানেৰি চাহ বাগিচাত অসম চাহ মজদুৰ সংঘৰ পানেৰি প্ৰাথমিক সমিতিৰ উদ্যোগত এক বৃহৎ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীত সহস্ৰাধিক পুৰুষ-মহিলা চাহ শ্ৰমিক অংশগ্ৰহণ কৰে। দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধান, বিশেষকৈ দৈনিক মজুৰি বৃদ্ধি, জীৱন ধাৰণ ব্যয়ৰ সৈতে সামঞ্জস্যপূৰ্ণ ন্যায্য মজুৰি, স্বাস্থ্য সুবিধা, বাসগৃহ আৰু সামাজিক সুৰক্ষা আঁচনি সঠিকভাৱে ৰূপায়ণ কৰাৰ দাবীত শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী শ্ৰমিকসকলে চৰকাৰ আৰু চাহ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয় যে বহু প্ৰতিশ্ৰুতি দিয়া সত্ত্বেও আজিলৈকে মূল দাবীসমূহ পূৰণ হোৱা নাই। অসম চাহ মজদুৰ সংঘৰ মঙলদৈ শাখাৰ নেতৃত্বই শীঘ্ৰে দাবী মানি ল’বলৈ চৰকাৰক আহ্বান জনাই, অন্যথা আন্দোলন অধিক তীব্ৰ কৰাৰ সকীয়নী দিয়ে। প্ৰতিবাদকালীন সময়ত কিছু সময়ৰ বাবে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ’লেও পাছত শান্তিপূৰ্ণভাৱে কাৰ্যসূচী সমাপ্ত হয়।

Wordpress Social Share Plugin powered by Ultimatelysocial