Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

লখিমপুৰৰ ৰঙা বন সংৰক্ষিত এলেকাত অৰুণাচলী ব্যক্তিয়ে সজা ঘৰত চলিল জিলা প্ৰশাসনৰ উচ্ছেদ। হাৰমতী আঞ্চলিক বন বিভাগৰ অন্তৰ্গত কাছজুলিৰ সমীপৰ ৰঙা বন সংৰক্ষিত এলেকাৰ গাভৰু নদীৰ পাৰত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান৷ অসম অৰুণাচলৰ সীমান্তৱৰ্তী বিবাদমান এলেকাৰ ওপৰত গোচৰ চলি থকা সময়ত দুয়োখন ৰাজ্যৰ ব্যক্তিয়ে সাজিব নোৱাৰিব ঘৰ৷ তাৰ মাজতে অৰুণাচলৰ এজন অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াই গাভৰু নদীৰ পাৰত সজা এটা গৃহ কিছুদিন পূৰ্বে লখিমপুৰ জিলা প্ৰশাসনে উচ্ছেদ চলাইছিল ৷

উচ্ছসদ চলোৱা দুদিনৰ পিছতে পুণৰ ঘৰ সাজি বসবাস কৰা খবৰ জিলা প্ৰশাসনে পোৱাত ৰবিবাৰে আকৌ সেই একেটা ঘৰ লখিমপুৰ জিলা প্ৰশাসনে উচ্ছেদ কৰে৷

উচ্ছেদৰ সময়ত অৰুণাচলী লোকে অসম আৰক্ষী প্ৰশাসনৰ লগতে বনকৰ্মীক আক্ৰমণ কৰিবলৈ খেদি অহা পৰিলক্ষিত হয়৷ সাংবাদিকক আক্ৰমণ কৰিবৰ বাবেও চেষ্টা চলোৱাৰ লগতে গালৈ শিলগুটি নিক্ষেপ কৰে যদিওঁ অসম আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি উচ্ছেদ চলাই উক্ত স্থানৰ পৰা ঘূৰি আহে৷

বন বিভাগে অবৈধ ভাৱে ঘৰ বনোৱা অৰুণাচলৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিক্ষয়া টানা টাদুক গ্ৰেপ্তাৰ কৰে৷ লখিমপুৰ জিলাৰ হাৰমতী আঞ্চলিক বন কাৰ্যালয়ৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ কাছজুলি খণ্ড বন কাৰ্যালয়ৰ অধীনৰ গাভৰু নদীৰ পাৰত অৰুণাচলীয়ে অবৈধ ভাৱে ঘৰ নিৰ্মাণ কৰাত যোৱা ১৬ আগষ্টত আৰক্ষীৰ সহযোগত বন বিভাগে উচ্ছেদ কৰাৰ পিছতে পুণৰ ১৮ আগষ্টত সম্পুৰ্ণ কৰি তোলে অৰুণাচলীয়ে ঘৰ। ৰবিবাৰে পুণৰ জিলা বন সংমণ্ডল বিষয়া, লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিহপুৰীয়া ৰাজহ চক্ৰ বিষয়া,শতাধিক আৰক্ষীৰ সহযোগত তিনিখন এক্সভেটৰে বন বিভাগে উচ্ছেদ কৰে।

Wordpress Social Share Plugin powered by Ultimatelysocial