Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

বশিষ্ঠ আৰক্ষীৰ জালত দেশৰ এটা MOST WANTED ডকাইত। হাৰিয়ানাৰ পৰা গ্ৰেপ্তাৰ কৰা হয় দুধৰ্ষ ডকাইতটোক।দুধৰ্ষ ডকাইতটোৰ নাম ৰাহুল। অসমৰ ATM ত লুটপাট চলাইছিল ৰাহুলে।১৪ এপ্ৰিলত কইনা ধৰাৰ পৰা ATM ভাঙি লুটিলে ৫ লাখ টকা। ৫ জনীয়া এটা গেঙে সংঘটিত কৰিছিল এই ডকাইতি কাণ্ডটো।ইয়াৰ দুটা অসমৰ,বাকী কেইজন বহিঃ ৰাজ্যৰ।গেংটোৰ মূল মাষ্টাৰমাইণ্ড আছিল ৰাহুল।
৫.৫০ লাখ টকা লৈ উধাও হৈছিল গেংটো।ভাৰতৰ ভিন্ন ৰাজ্যত ATM চোৰ কৰিছিল এই গেংটোৱে।এই গেংটোৱে শেহতীয়াকৈ গোৱালপাৰা এটা ATMৰ পৰা ৩১ লাখ টকা লুট কৰিছিল ।মেঘালয়ৰ লগতে আৰু ভিন্ন ৰাজ্যত ডকাইড কৰাৰ পৰিকল্পনা আছিল দলটোৰ।অন্যকেইজনক বিছাৰি অভিযান অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে।

Wordpress Social Share Plugin powered by Ultimatelysocial