দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ২৮ জুলাই তাৰিখে একাধিক ৰাজ্যৰ বাবে ৰাজ্যপালৰ নাম ঘোষণা কৰিছে। দেশৰ নখন ৰাজ্যৰ বাবে নতুনকৈ ৰাজ্যপাল নিযুক্তি দিয়াৰ লগতে কেন্দ্ৰীয় শাসিত এলেকা পুডুচেৰীৰ বাবে এজন উপৰাজ্যপাল নিযুক্তি দিছে। এই তালিকাত স্থান পাইছে অসমৰ জ্যেষ্ঠ বিজেপি নেতা তথা মঙলদৈ সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা।
শেহতীয়াকৈ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰা ৰাজ্যপালৰ তালিকাত অসমৰ ৰমেন ডেকাই স্থান পোৱা কথাটো বিশেষভাৱে চৰ্চা লাভ কৰিছে। প্ৰাক্তন সাংসদ ৰমেন ডেকাক চত্তিশগড় ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। তেওঁকে ধৰি এতিয়ালৈ অসমৰ ৮ গৰাকী ব্যক্তি অন্য ৰাজ্যৰ ৰাজ্যপালৰ পদ শুৱনি কৰিছে।
জ্যেষ্ঠ নেতা ৰমেন ডেকাৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱা বিষ্ণুৰাম মেধিক ১৯৫৭ চনত মাদ্ৰাছৰ (বৰ্তমানৰ চেন্নাই) ৰাজ্যপাল হিচাপে নিযুক্ত দিয়া হৈছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীক ১৯৭৩ চনত পাঞ্জাৱৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ লগতে অসমীয়া হিচাপে দেবকান্ত বৰুৱাই ১৯৭১ চনত বিহাৰৰ ৰাজ্যপাল, প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই মিজোৰামৰ, দেৱানন্দ কোঁৱৰে ২০০৯ চনত বিহাৰৰ, ৰঞ্জিৎ শেষৰ মুছাহাৰীয়ে ২০০৮চনত মেঘালয়ৰ আৰু ২০১৫ চনত জেপি ৰাজখোৱাই অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে নিযুক্ত হৈছিল।
জ্যেষ্ঠ বিজেপি নেতা ৰমেন ডেকাই চত্তিশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি পোৱা খবৰটোৱে সকলো অসমীয়াৰ মনত আনন্দৰ লহৰ আনিছে। অষ্টমগৰাকী অসমীয়া হিচাপে প্ৰাক্তন সাংসদগৰাকী চত্তিশগড়ৰ ৰাজ্যপালৰ গুৰুদায়িত্ব পালন কৰিব। উল্লেখ্য যে ৰমেন ডেকা প্ৰথমে জনসংঘ আৰু জনতা পাৰ্টীৰ সদস্য আছিল। গুৱাহাটীত শিক্ষাগ্ৰহণ কৰা ডেকা ১৯৭৭ চনত জনতা পাৰ্টীৰ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক আছিল। ১৯৮০চনৰ বিজেপিৰ প্ৰতিষ্ঠাকালৰ অন্যতম সদস্য আছিল ৰমেন ডেকা। ২০০৬ চনত ৰমেন ডেকা বিজেপি অসমৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল।