ৰাহুল গান্ধীয়ে কেৰালাত UDF ক্ষমতালৈ আহিলে NYAY আঁচনিৰ অধীনত প্ৰতিগৰাকী দৰিদ্ৰ লোকক প্ৰতিমাহে ৬,০০০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছে আৰু ইয়াক এক “বৈপ্লৱিক ধাৰণা” বুলি অভিহিত কৰিছে। তেওঁৰ মতে, ইয়াৰ দ্বাৰা দৰিদ্ৰ লোকসকল আর্থিকভাৱে সবল হ’ব আৰু দুৰ্বল পৰিয়ালসমূহে আৰ্থিক নিৰাপত্তা লাভ কৰিব । কিন্তু এইখিনিতেই কংগ্ৰেছ দলটোৱে কৰিব বিচৰা চৰম ভণ্ডামিটো জলজল পটপটকৈ ওলাই পৰে ।
যেতিয়া অসম চৰকাৰে ৰাজ্যৰ দৰিদ্ৰ মহিলাসকলক প্ৰত্যক্ষ আৰ্থিক সাহায্য প্ৰদান কৰা ‘অৰুণোদয়’ আঁচনিখন আৰম্ভ কৰিছিল, তেতিয়া কংগ্ৰেছ নেতাসকলেই আছিল ইয়াৰ আটাইতকৈ কঠোৰ সমালোচক । মহিলা সবলীকৰণৰ উদ্দেশ্যে লোৱা এই কল্যাণমূলক আঁচনিখনক প্ৰশংসা কৰাৰ পৰিৱৰ্তে, তেওঁলোকৰ একাংশ নেতাই অৰুণোদয়ৰ সুবিধা লাভ কৰা হিতাধিকাৰী মহিলাসকলক “গোলাম” বুলি উপহাস কৰিবলৈকো কুণ্ঠাবোধ কৰা নাছিল ।

গতিকে স্বাভাৱিকতেই প্ৰশ্ন হয়, যেতিয়া কংগ্ৰেছে কেৰালাত প্ৰত্যক্ষ ধন হস্তান্তৰৰ প্ৰস্তাৱ দিয়ে, তেতিয়া সেয়া “বৈপ্লৱিক কল্যাণ” হৈ পৰে । কিন্তু যেতিয়া একেধৰণৰ পদক্ষেপে অসমৰ মহিলাসকলক সবলীকৃত কৰে, তেতিয়া সেয়া হঠাতে উপহাসৰ বিষয় হৈ পৰে কিয় ?
এই দুমুখীয়া নীতিয়ে কংগ্ৰেছ দলৰ ৰাজনৈতিক সুবিধাবাদকে উদঙাই দিয়া নাইনে ? নামনি অসমত তেওঁলোকে পৰিচয়ভিত্তিক ৰাজনীতি কৰি মিঞাসকলক তুষ্ট কৰাৰ চেষ্টা কৰে । আনহাতে উজনি অসমত, তেওঁলোকে হঠাতে অসমীয়া জাতীয়তাবাদৰ ৰক্ষক হোৱাৰ চেষ্টা চলায় । অসমৰ ৰাইজে তেওঁলোকৰ এই পৰস্পৰবিৰোধী স্থিতি স্পষ্টকৈ বুজি পাইছে । যদি ধন হস্তান্তৰ আঁচনি কেৰালাৰ বাবে ভাল, তেন্তে অসমত অৰুণোদয় আঁচনিক কিয় উপহাস কৰা হৈছিল? কংগ্ৰেছে এই পৰস্পৰবিৰোধী স্থিতিৰ জবাব দিবই লাগিব ।