ONGCৰ বাবে পুনৰ শিৱসাগৰত বিপদ!
ONGCৰ বাবে পুনৰ শিৱসাগৰত বিপদ! জয়সাগৰৰ জোনাকি নগৰত মাটি ফুটি ওলাল খাৰুৱা তেলৰ ফোঁৱাৰ। তেলৰ ফোঁৱাৰৰ পূৰ্বে হৈছিল মৃদু কম্পন।কৃষ্ণ দাস নামৰ এজন লোকৰ বাসগৃহত খাৰুৱা তেলৰ ফোঁৱাৰ উদ্ধাৰ হয়। তাৰ পিছতে হাঁহাকাৰ লাগিছে পৰিয়ালটোৰ মাজত। খবৰ দিয়াৰ চাৰি ঘন্টাৰ পিছতো ঘটনাস্থলীত ONGC ৰ কৰ্মচাৰী উপস্থিত নোহোৱাৰ অভিযোগ। ঘটনাস্থলীত উপস্থিত হৈছে ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনীৰ বাহন। […]