এখন মৃত্যুৰ হোটেল’। মানুহ মৃত্যুৰ বাবে আহে এখন হোটেলত । কোনো অপমৃত্যু নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ‘নিশ্চিন্তে’ মৃত্যুক সাৱটিবলৈ বহু লোক আহে।

অনেকে জীৱনৰ শেষ বয়সত ইচ্ছা কৰে যে যদি মৰিবই লাগে, তেন্তে ‘মৃত্যু হোটেল’তে যেন তেওঁৰ প্ৰাণবায়ু উৰি যায়। আৰু সেই ইচ্ছাপূৰণৰ বাবে পৰিয়ালৰ লোকসকলো ব্যস্ত হৈ পৰে। এইখিনিলৈকে শুনিলে কোনোবা কাল্পনিক গল্প যেন লাগিব পাৰে। কিন্তু আচৰিত কথাটো হ’ল যে আমাৰ দেশতে এনে এখন হোটেল আছে। মৃত্যুমুখত পৰা লোকসকলক এই হোটেললৈ লৈ অহা হয়। প্রচলিত […]