
টী-২০ বিশ্বকাপৰ খিতাপ দখল কৰিলে টীম ইণ্ডিয়াই। খিতাপ দখলৰ পিছতে মঙলবাৰে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে বিশ্বকাপ জয়ী দলটোৰ বাবে ১৩১ কোটি টকাৰ পুৰস্কাৰ ধন ঘোষণা কৰে। ট্ৰফীৰ সমান্তৰালকৈ টীম ইণ্ডিয়াই আইচিচিৰ পৰাও পুৰস্কাৰ লাভ কৰিছে। খেলুৱৈসকলৰ পুৰস্কাৰৰ ধনৰ বৃহৎ অংশ লাভ কৰিব ছাপ্ৰ’ৰ্ট ষ্টাফে আৰু বাকীখিনি ক্ৰিকেটাৰে পাব। জানিব পৰা মতে ১৫ গৰাকী ক্ৰিকেটাৰে ৬ কোটিকৈ লাভ কৰিব আৰু বাকী ৪১ কোটি ছাপ্ৰ’ৰ্ট ষ্টাফৰ মাজত ভাগ কৰা হ’ব।২০২৪ চনৰ টি-২০ বিশ্বকাপৰ পুৰস্কাৰৰ ধন কেনেকৈ বিতৰণ কৰা হৈছিল? সুদীৰ্ঘ ১১ বছৰৰ পাছত ২০২৪ চনত ৰোহিত শৰ্মাৰ নেতৃত্বত টীম ইণ্ডিয়াই ICC ট্ৰফী লাভ কৰিছিল। ফাইনেলত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ট্ৰফী জয় কৰাৰ বাবে ক্ৰিকেটাৰ আৰু ছাপ্ৰ’ৰ্ট ষ্টাফৰ বাবে ১২৫ কোটি টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছিল ব’ৰ্ডে।২০২৪ চনত ক্ৰিকেট দলৰ ১৫ জন সদস্যই লাভ কৰিছিল ৫ কোটি টকাকৈ। সেই সময়ত প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, বেটিং প্ৰশিক্ষক বিক্ৰম ৰাথোৰ, ফিল্ডিং প্ৰশিক্ষক টি দিলীপ আৰু বলিং প্ৰশিক্ষক পৰশ আমম্ৰকে ধৰি প্ৰতিগৰাকী ছাপ্ৰ’ৰ্ট ষ্টাফে ২.৫ কোটি টকা লাভ কৰিছিল