Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

অমিতা এবিধ সকলোৰে চিনাকি, সহজলভ্য ফলৰ গছ। এই গছৰ পাত ফল-ফুল, শিপা, গুটি। গছৰ আঠা সকলোবোৰেই ঔষধি গুণযুক্ত। যিবোৰ প্ৰাচীন কালৰেপৰা পৃথিৱীৰ বিভিন্ন ঠাইত পৰম্পৰাগতভাৱে প্ৰাকৃতিক ঔষধি হিচাপে ব্যৱহৃত হৈ আহিছে। এই গছৰ বৈজ্ঞানিক নাম হৈছে ‘কাৰিকা পপয়া’ আৰু ই কাৰিকাচি গোত্ৰৰ। ইয়াৰ অনেক প্ৰজাতি আছে ।

২০০৯ চনতে ডাঃ সুৰাছ ৰামানাথ, ডাঃ চৰিফ এম মনচুৰ, ডাঃ এছ কেথাৰছেন প্ৰভৃতি কেইগৰাকীমান মালয়ছিয়াৰ চিকিৎসা বিজ্ঞানীয়ে নিগনিৰ ওপৰত চলোৱা গৱেষণাত অমিতা গছৰ পাতৰ ৰসৰ এই চমৎকাৰী ঔসধি গুণটোৰ প্ৰমাণ পোৱা গৈছিল, যিটো গৱেষণাৰ বিষয় আছিল- ‘Thrombocytic counts in mice after the administration of Papaya leaf suspension.’ ‘থ্ৰম্ব’চাইটোপেনিয়া’(Thrombocytopenia) মানে হ’ল- তেজৰ প্লেটলেটৰ পৰিমান অস্বাভাৱিকভাৱে কমি যোৱা এটা অৱস্থা, যিটো হ’লে দেহত তেজ খমলা বান্ধিব নোৱৰা অৱস্থা এটাৰ সৃষ্টি হয়। ফলত যিকোনো কাৰণতেই দেহৰপৰা ৰক্তক্ষৰিত হ’লে তাক বন্ধ কৰিব নোৱৰা হয়। সেয়ে ডেংগু ৰোগত আক্ৰান্ত হ’লে হাড়ৰ মজ্জাত উৎপন্ন হোৱা ৰক্তবিম্বাণু বা প্লেটলেট অভাৱনীয়ভাৱে কমি যায় আৰু ৰোগীৰ অৱস্থা ক্ৰমে শোচনীয় হৈ পৰিবলৈ ধৰে, কাৰণ ডেংগুৰ ভাইৰাছে দেহত প্লেটলেট বা ৰক্তবিম্বাণুৰ উৎপাদনত বাধাৰ সৃষ্টি কৰে বা দেহৰ প্লেটলেট সৃষ্টিৰ প্ৰক্ৰিয়াটোক ধ্বংস কৰি পেলায়। যাৰ ফলত ৰোগী মৃত্যুমুখত পৰিবলগীয়া হয়। এই মাৰাত্মক প্ৰকৃতিৰ ৰোগ ডেংগুৰ নিৰাময়ত বৰ আশাৰ বতৰা কঢ়িয়াই অনা সঞ্জীৱনী মহৌষধিস্বৰূপ ঔষধবিধ হ’ল- অমিতা গছৰ পাতৰ ৰস। ৰোগীক অমিতা পাতৰ ৰস(পৰিমিত ৰূপত) পান কৰালে দ্ৰুতগতিত তাৎক্ষণিকভাৱে ৰোগীৰ তেজত প্লেটলেট(ৰক্তবিম্বাণু)ৰ পৰিমাণ বাঢ়ি যায় আৰু ৰোগী ক্ৰমে আৰোগ্যৰ পথত অগ্ৰসৰ হয়।

অমিতা পাতৰ ৰস মাৰাত্মক ডেংগু ৰোগ নিৰাময়কাৰী মহৌষধি হিচাপে আজি দেশ-বিদেশৰ বিভিন্ন চিকিৎসা বিজ্ঞানীৰ পৰীক্ষাত প্ৰমাণিত হৈছে যদিও ইয়াৰ এই যাদুকৰী গুনটোৰ কথা বহুলভাৱে সৰ্বসাধাৰণৰ মজত প্ৰচাৰিত হোৱা নাই। অতীজৰেপৰা এছিয়া মহাদেশৰ বিভিন্ন দেশত(ভাৰত, পাকিস্তান, শ্ৰীলংকা, ইণ্ডোনেছিয়া, মালয়ছিয়া আদি ডেংগু আক্ৰান্ত দেশবোৰত) আমাৰ গছৰ পাত-শিপা গছৰ আঠা আদি পৰম্পৰাগত ঔষধি হিচাপে ব্যৱহাৰ হৈ অহাৰ কথা জনা যায়।


বিশেষকৈ প্ৰ’টিনজাতীয় পদাৰ্থৰ হজম প্ৰক্ৰিয়াত আমাৰ দেহত এই দুয়োবিধ এনজাইমৰ অতীব প্ৰয়োজন হয়। অমিতাৰ পাতত কেইবাবিধো ‘এলকালয়ড’ জাতীয় যৌগ থাকে, যিবোৰ ‘এন্টিপ্লাজম’ডিয়াম’ গুণসম্পন্ন, অৰ্থাৎ এই এলকালয়ড যৌগবোৰে প্লাজমা’ডিয়াম গোষ্ঠীৰ মেলেৰিয়া জ্বৰ প্ৰতিৰোধ কৰিব পাৰে। তদুপৰি অমিতাৰ পাতত থকা বহুবিধ পদাৰ্থই এন্টিঅক্সিডেন্ট হিচাপে কাম কৰি কৰ্কট ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াব পাৰে।

Wordpress Social Share Plugin powered by Ultimatelysocial