AI চেটবটক কৰিবলৈ কোৱা আপোনাৰ শেষৰটো কাম কি আছিল? হয়তো আপুনি কোনো প্ৰশ্নৰ উত্তৰ বিচাৰিছিল, এখন আৱেদন লিখিবলৈ ব্যৱহাৰ কৰিছিল বা আপোনাৰ এখন ফটো এডিট কৰিছিল। কিন্তু আপুনি জানেনে ইয়াৰ বাবে আপোনাৰ ক্ষতি হ’ব পাৰে? কিছুমান বিশেষজ্ঞৰ মতে এই ধৰণৰ কামবোৰ আউটচ’ৰ্চিং কৰাৰ অৰ্থ হ’ল আপোনাৰ মগজুৱে কমকৈ কাম কৰি আছে । আনকি ই আপোনাৰ সমালোচনাত্মক চিন্তাধাৰা আৰু সমস্যা সমাধানৰ দক্ষতাৰো ক্ষতি কৰিব পাৰে। চলিত বৰ্ষৰ আৰম্ভণিতে মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজিয়ে (এমআইটি) এক অধ্যয়ন প্ৰকাশ কৰি দেখুৱাইছিল যে যিসকল লোকে ৰচনা লিখিবলৈ ChatGPT ব্যৱহাৰ কৰিছিল, তেওঁলোকে এই কাম কৰোতে জ্ঞানমূলক প্ৰক্ৰিয়াকৰণৰ সৈতে জড়িত মগজুৰ নেটৱৰ্কত কম কাৰ্যকলাপ দেখুৱাইছিল। ৫৪ জন অংশগ্ৰহণকাৰীৰ সকলোকে এম আই টি আৰু ওচৰৰ বিশ্ববিদ্যালয়ৰ পৰা নিযুক্তি দিয়া হৈছিল। ইলেক্ট্ৰ’এনচেফেল’গ্ৰাফী (EEG) ব্যৱহাৰ কৰি তেওঁলোকৰ মগজুৰ কাৰ্য্যকলাপ ৰেকৰ্ড কৰা হৈছিল, য’ত মূৰৰ ছালত ইলেক্ট্ৰ’ড স্থাপন কৰা হয়। অংশগ্ৰহণকাৰীসকলে ব্যৱহাৰ কৰা কিছুমান প্ৰমপ্টৰ ভিতৰত আছিল এআইক ৰচনাৰ প্ৰশ্নসমূহৰ সাৰাংশ দিবলৈ কোৱা, উৎস বিচাৰি উলিওৱাৰ লগতে ব্যাকৰণ আৰু শৈলী পৰিশোধন কৰিবলৈ কোৱা। ইয়াক ধাৰণা সৃষ্টি আৰু আৰ্টিকুলেট কৰিবলৈও ব্যৱহাৰ কৰা হৈছিল , কিন্তু কিছুমান ব্যৱহাৰকাৰীয়ে অনুভৱ কৰিছিল যে এআই এই কামত বৰ ভাল নহয়।

AIয়ে উত্তৰ বিচাৰি পোৱাটো অতি সহজ কৰি তোলে। পৃথকে পৃথকে কাৰ্নেগী মেলন বিশ্ববিদ্যালয় আৰু কপাইলট পৰিচালনা কৰা মাইক্ৰ’ছফটে বিচাৰি উলিয়াইছে যে যদিহে তেওঁলোকে এআইৰ ওপৰত অত্যধিক নিৰ্ভৰশীল হৈ পৰে তেন্তে তেওঁলোকৰ সমস্যা সমাধানৰ দক্ষতা হ্ৰাস পাব পাৰে।
তেওঁলোকে ৩১৯ জন শ্ৰমিকৰ ওপৰত সমীক্ষা চলাইছিল যিয়ে নিজৰ চাকৰিৰ বাবে এআই সঁজুলি ব্যৱহাৰ কৰিছিল সপ্তাহত অন্ততঃ এবাৰ, তেওঁলোকে ব্যৱহাৰ কৰাৰ সময়ত সমালোচনাত্মক চিন্তাধাৰা কেনেকৈ প্ৰয়োগ কৰে। যদিও GenAI এ এজন লোকৰ দক্ষতা উন্নত কৰিব পাৰে কিন্তু ইয়াৰ দীৰ্ঘম্যাদী অতিমাত্ৰা নিৰ্ভৰশীলতাই মানুহৰ মগজুত বাৰুকৈয়ে প্ৰভাৱ পেলাব পাৰে। লগতে মানুহৰ দক্ষতাও হ্ৰাস কৰিব পাৰে।
অক্টোবৰ মাহত অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছ (অ’ইউপি)ৰ দ্বাৰা প্ৰকাশিত এক অধ্যয়নৰ বাবে ব্ৰিটেইনৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰো একেধৰণৰ সমীক্ষা কৰা হৈছিল। ইয়াতো দেখা গৈছে যে ১০ জনৰ ভিতৰত ছয়জনে অনুভৱ কৰিছিল যে স্কুলৰ কামৰ সম্পৰ্কত এআইয়ে তেওঁলোকৰ দক্ষতাত নেতিবাচক প্ৰভাৱ পেলাইছে।
গতিকে, এআইৰ ব্যৱহাৰ বৃদ্ধিৰ লগে লগে আমাৰ জ্ঞানমূলক দক্ষতা হ্ৰাস পোৱাৰ আশংকা আছে।