গোটেই ৰাতি AC অন কৰি শুলে আৰামত সুখনিদ্ৰা অহাতো স্বাভাৱিক, কিন্তু ইয়াৰ ফলত আপোনাৰ শৰীৰটো ভয়ংকৰভাৱে ক্ষতিগ্রস্ত হ’ব পাৰে গোটেই ৰাতি এয়াৰ কণ্ডিচনাৰ কোঠাত শুই থাকিলে শৰীৰত এইবোৰ সমস্যা হ’ব পাৰে-প্ৰচণ্ড গৰমৰ উত্তাপে দহি-পুৰি নিছে সকলো!
গৰমৰ দিনত বহুতে গোটেই ৰাতি AC চলাই শুই থাকে! কোৱা হয় যে, এয়াৰ কণ্ডিচনাৰ এতিয়া আৰু ‘বিলাসীতা’ নহয়, ই এক প্ৰয়োজনীয়তাত পৰিণত হৈছে। যদি আপুনি AC অন কৰি শুই থাকে তেন্তে আৰামত সুখনিদ্ৰা অহাতো স্বাভাৱিক, কিন্তু ইয়াৰ সমান্তৰালভাৱে শৰীৰত হৈছে ভয়ংকৰ ক্ষতি! গোটেই ৰাতি এয়াৰ কণ্ডিচনাৰ কোঠাত শুই থাকিলে শৰীৰত এইবোৰ সমস্যা হ’ব পাৰে-শ্বাস-প্ৰশ্বাসজনিত সমস্যাঃ হাঁপানী বা এলাৰ্জীৰ সমস্যাত ভুগি থকাসকলৰ বাবে গোটেই ৰাতি AC ৰূমত শুই থকাটো বিপদজনক। ACৰ ঠাণ্ডা বতাহৰ ফলত শ্বাসনলীত সমস্যাৰ সৃষ্টি হয়, যাৰ ফলত চৰ্দি, কাহ, বুকুৰ বিষ হোৱা আৰু উশাহ-নিশাহৰ সমস্যা হয়। লগতে, ACৰ সঠিক সময়ত চাৰ্ভিচ নকৰিলে ACৰ পৰা ওলোৱা বতাহে ঘৰৰ চাৰিওফালে এলাৰ্জেন আৰু বায়ুত থকা বীজাণু বিয়পাই দিয়ে, যাৰ ফলত শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি হয়। গতিকে AC চলাব লগা হ’লে মধ্যমীয়া উষ্ণতাত চলাওক, হিউমিডিফায়াৰটো অন কৰি ৰাখক। নিয়মিতভাৱে AC এয়াৰ ফিল্টাৰ সলনি কৰক।
ছাল আৰু চকু শুকান হোৱাঃ AC কোঠাত আৰ্দ্ৰতা কম হয়, যাৰ ফলত চকু আৰু ছাল শুকান হয়। ACৰ ঠাণ্ডা বতাহে ছালৰ পৰা আৰ্দ্ৰতা শোষণ কৰে। ছাল শুকান হৈ পৰে, খজুৱতি-ফোঁহাৰ দৰে সমস্যাৰ সৃষ্টি হয়। ACৰ ঠাণ্ডা বতাহে চকুতো সমস্যাৰ সৃষ্টি কৰে-চকু ৰঙা হয়, চকুত খজুৱতি হয়, দৃষ্টিশক্তি ম্লান হৈ পৰে।
পেশীৰ সমস্যাঃ AC ৰূমত বেছি সময় শুলে পেশীবোৰ জঠৰ হৈ পৰে, পেশীৰ বিষ হয়। গাঁঠিৰ বিষ বাঢ়ি গৈ থাকে। বাতবিষ থাকিলে AC পৰিহাৰ কৰক।ৰোগ প্ৰতিৰোধ
ক্ষমতা হ্ৰাসঃ ঠাণ্ডা বতাহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমাই দিয়ে, যাৰ ফলত শ্বাস-প্ৰশ্বাসজনিত বিভিন্ন সংক্ৰমণ হয়। বিশেষকৈ বেক্টেৰিয়াৰ সংক্ৰমণ। লগতে নাক আৰু ওপৰৰ শ্বাসনলীৰ ৰক্তবাহী নলী সংকুচিত হৈ শৰীৰে ভাইৰাছ আৰু ৰোগ সৃষ্টিকাৰী জীৱাণুৰ বিৰুদ্ধে যুঁজিব নোৱাৰা হৈ পৰে।