পুৰুষৰ যৌন দুৰ্বলতাৰ আৰু নিৰাময়ৰ উপায়
লিমফগ্ৰেনুলোমা ভেনেৰাম:ছেলমাইডিয়া ট্ৰেকোমেইটিছ নামৰ এবিধ দুৰ্দান্ত আৰু আক্ৰমণাত্মক জীৱানুৰদ্বাৰা।এইবিধ যৌন ৰোগ হয়।বিয়পন কাল,(২-২১ দিন)ব্ৰ্ক্ষদেশ,ফিলিপাইন,কম্বোডিয়া,ভিয়েটমান,মালয়ছিয়া,দক্ষিন আমেৰিকা আদি দেশৰ সাগৰীয় বন্দৰবোৰত ঘুৰি-ফুৰা যৌন কৰ্মীৰ দেহত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি।এইবিধ বীজানুৱে পোনে পোনে যৌনাংগত সৰু সৰু ঘাঁৰ সৃষ্টি কৰে আৰু লিমফবাহী সিৰাবোৰ ভিতৰেদি চলি গৈ লিমফৰস চলাচলৰ পথত প্ৰ্তিবন্ধতাৰ সৃষ্টি কৰে।ইয়াৰ ফলত সমস্ত ভালভা উখহি পৰে।এই জীৱানু মলদ্বাৰলৈকে বেয়ালৈ বিয়পি মলদ্বাৰৰ পথ পৰ্যন্ত অৱৰুদ্ধ হব পাৰে।
পুৰুষৰ যৌন দুৰ্বলতাৰ কাৰণ:
দেখাত সুস্থ-সবল আৰু যৌৱনপুষ্ট বয়সৰ এনে বহু লোক আছে যিসকলৰ নাৰীৰ নিৰাপদ সান্নিধ্যত থাকিলেও কোনোধৰণৰ কামোত্তেজনা নাহে, বা উত্তেজনা আহিলেও সেয়া তেনেই ক্ষন্তেকীয়া। সম্ভোগৰ সময়ত প্ৰয়োজনীয় উত্তেজনা অন্তনিৰ্হিত হোৱাৰ ফলত যৌন শিথিলতাই দেখা দিয়ে। অথবা অত্যাধিক উত্তেজনাৰ ফলত সম্ভোগৰ অবিহনেই দ্ৰুত স্খলন হৈ দুয়ো সংগী যৌন অতৃপ্তিত ভুগি জীৱন পাৰ কৰে। এনেধৰণৰ লক্ষণ যৌন দুৰ্বলতাৰ পৰিচায়ক। যৌন দুৰ্বলতাৰ বহুতো কাৰণ থাকিব পাৰে।
শাৰীৰিক কাৰণ:
মানসিক কাৰণৰ লগতে অন্যান্য কিছুমান শাৰীৰিক ৰোগৰ কাৰণেও মানুহ এজন যৌন-দুৰ্বলতা বা যৌন অক্ষমতাত ভুগিব পাৰে। দীৰ্ঘদিন ধৰি ভুগি থকা উচ্চৰক্ত চাপ, মধুমেহ, স্নায়ু দুৰ্বলতা, অন্ত:স্ৰাৱী গ্ৰন্থিৰ অস্বাভাৱিক হৰমোন নি:সৰণ প্ৰক্ৰিয়া(থাইৰয়ড, পিটুইটেৰী, এড্ৰিনেল গ্ৰন্থি) শুক্ৰাশয়, অণ্ডকোষ, প্ৰোষ্টেট গ্লেণ্ড আৰু প্ৰজনন অংগৰ ৰোগ আদিৰ বাবেও যৌন-দুৰ্বলতা বা যৌন অক্ষমতাই দেখা দিব পাৰে। স্বপ্নদোষ, অতিমাত্ৰা হস্তমৈথুন বা অপ্ৰাকৃতিক ৰতিক্ৰিয়াৰ বাবেও সাময়িকভাৱে যৌন দুৰ্বলতাই দেখা দিব পাৰে। কিন্তু এনেধৰণৰ কাৰ্যই যৌন ক্ষমতা স্থায়ীভাৱে হ্ৰাস কৰিব নোৱাৰে। তথাপি অতিমাত্ৰা হস্তমৈথুন আৰু অপ্ৰাকৃতিক ৰতিক্ৰিয়াই বিৰূপ মানসিক প্ৰভাৱ পেলায়।
যিকোনো ধৰণৰ যৌন দুৰ্বলতাজনিত ৰোগ আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত সম্পূৰ্ণ নিৰাময় কৰিব পাৰি। অৱশ্যে জন্মগতভাৱে যৌন ক্ষমতাহীন লোকৰ কথা সুকীয়া।
ৰোগীক পঞ্চকৰ্ম কৰা হয়। বিশেষকৈ ‘স্নেহন’ এই ক্ষেত্ৰত বিশেষভাৱে উপযোগী। সুগন্ধিযুক্ত তেলেৰে গাত মালিচ কৰি ‘স্বেদন’ দিয়া হয়।
এই পদ্ধতিৰে শাৰীৰিক চিকিৎসা কৰাৰ পিছত কিছুদিনলৈ যৌন দুৰ্বলতাৰ ৰোগীৰ নিম্নোক্ত ঔষধবিলাক সেৱন কৰাৰ পৰামৰ্শ দিয়া হয়।
বানাৰী কল্প এচামুচকৈ দিনে দুবাৰ গাখীৰৰ লগত খাবলৈ দিয়া হয়।
অশ্বগন্ধা, শতাৱৰী, সৰস্বতা চূৰ্ণ, এচামুচকৈ দিনে দুবাৰ গাখীৰৰ লগত খাবলৈ দিয়া হয়।
চন্দ্ৰপ্ৰভাৱতী দুটাকৈ দিনে দুবাৰ খাব দিয়া হয়।
Tentex Royal এটাকৈ বড়ি দিনে দুবাৰ খাব লাগে।
Nirilex এটাকৈ দিনে দুবাৰ খাব দিয়া হয়।
অশ্বগন্ধাৰিষ্ট, দশমূলৰিষ্ট, চন্দনা সৱ চাৰি চামুচকৈ দিনে দুবাৰ খাব দিয়া হয়।
‘শীঘ্ৰ পতন’ হোৱাৰ কাৰণে দিয়া ঔষধ:
Semento এটাকৈ বড়ি দিনে তিনিবাৰ।
চন্দ্ৰপ্ৰভাৱতী দুটাকৈ বড়ি দিনে দুবাৰ।
Bangshil দুটাকৈ বড়ি দিনে দুবাৰ।
Anximind এটাকৈ বড়ি তিনিবাৰ।
ব্ৰাহ্মী বতি দুটাকৈ দুবাৰ।
Memtone চাৰি চামুচকৈ দুবাৰ।
B.D.Tone চাৰি চামুচকৈ দুবাৰ খাব লাগে।
যৌনশক্তি বৃদ্ধিকাৰক আয়ুৰ্বেদিক ঔষধ খাই শক্তি সংৰক্ষণ কৰি সফল জীৱন লাভ কৰিব পাৰি।