বিশ্বৰ বিভিন্ন ঠাইত চলোৱা সমীক্ষা মতে ৫০% ৰো অধিকাংশ মহিলাৰ মাহেকীয়া ঋতুস্ৰাবৰ সময়ত বিষ অনুভৱ হয়৷ ডাক্তৰীভাষাত এই অৱস্থাক ডিচমেনৰিয়া (Dysmenorrhoea) বোলে৷ গ্ৰীক শব্দ ডিচ মানে হ’ল কষ্টকৰ, মেন’ মানে হ’ল মাহিলি আৰু ৰিয় মানে হ’ল প্ৰবাহ৷ স্ত্ৰী-ৰোগ বিশেষজ্ঞসকলে মহিলাৰ সততে পোৱা অসুবিধাসমূহৰ ভিতৰত ই হ’ল এবিধ প্ৰমুখ ৰোগ৷ মাহেকীয়া ঋতুস্ৰাব হওঁতে ভূক্তভোগী এইসকল মহিলাই কম-বেচি পৰিমানে তল পেটৰ বিষ অনুভৱ কৰে৷বিষটো একে লেথাৰিয়েও থকিব পাৰে নাইবা এৰা-ধৰাকৈয়ো হব পাৰে৷ বিষটো কৰঙন আৰু পিঠিলৈয়ো বিয়পিব পাৰে ৷ মাহেকীয়া আৰম্ভ হোৱাৰ দুই এদিন আগৰ পৰাই বিষ হবপাৰে আৰু মাহেকীয়া চলি থকা দিনকেইটাত বিষ অব্যাহত থাকে৷ কিছুমানৰ লগতে অতিমাত্ৰা ৰক্তস্ৰাব হয়- এনে অৱস্থাক Menorrhagia বোলে৷ শতকৰা দহ ভাগ মহিলাই পেটৰ বিষৰ ফলত স্কুল,কলেজ বা কামৰ ক্ষতি কৰিবলগীয়া হয়৷ আকৌ এক তথ্যমতে প্ৰতি সাতগৰাকী মহিলাৰ ভিতৰত এগৰাকীৰ পেটৰ বিষ তীব্ৰ হয়৷ আনুসংগিককিছুমান লক্ষণ দেখা পোৱা যাব পাৰে৷ সেইবিলাক হ’ল-ওকালি,বমি,মূৰৰবিষ,মূৰ-ঘূৰণি,পেটৰ অসুখ হোৱা বা শৌচ কচা হোৱা, ভাগৰ লগা, মানসিক অস্থিৰতাহোৱা, তাপ-ধ্বনি-পোহৰৰ প্ৰতি অসহিষ্ণুতা বা অতি সংবেদনশীল হোৱা, স্তনযুগলত বিষ অনুভৱ হোৱা আদি ৷
ডিচমেনৰিয়া দুই প্ৰকাৰৰ হব পাৰে৷ মহিলাৰ স্বাভাবিকজনন তন্ত্ৰত কোনো নিৰ্দিষ্ট কাৰণ ধৰা নপৰিলে সি হব প্ৰাইমেৰী ডিচমেনৰিয়া৷জনন তন্ত্ৰৰ বিজুতিৰ ফলত বিষ হলে চেকেণ্ডৰী ডিচমেনৰিয়া- যাৰ বিভিন্ন কাৰণহব পাৰে যেনে এন্ডমেট্ৰিয়’চিচ, লিয়োমায়মা, এডিনোমাইক’চিচ, ইউটেৰাইনফাইব্ৰয়ড,অভেৰিয়ান চিষ্ট, গৰ্ভাশয়ৰ ভিতৰত লগোৱা গৰ্ভ নিৰোধক সামগ্ৰী আদি ৷২৫ৰ পৰা ৩৫বছৰত এইৰোগ হোৱা দেখা যায়৷ পেলভিক পৰীক্ষা, ভেজাইনেল আলট্ৰাচনগ্ৰাফি আৰু পেলভিকলেপাৰস্কপিৰ যোগেদি ৰোগ চিনাক্ত কৰা যায়৷ হৰম’নৰ দ্বাৰা চিকিৎসাৰ ওপৰিওকিছুমান ৰোগীক নিৰাময়ৰ বাবে অপাৰেচন কৰিবলগীয়া হয়৷
জৰায়ুৰ ভিতৰত প্ৰষ্টাগ্লেণ্ডিন এফ-২ আলফা নামৰ ৰাসায়নিক পদাৰ্থ বিধৰ ক্ৰিয়াৰ ফলত জয়াৰুৰ ভিতৰৰ লাইনিং সাজুহয় গৰ্ভধাৰণৰ বাবে৷ কিন্তু যেতিয়া সেইটো হৈ নুঠে, ডিম্বকোষ (ovum) গৰ্ভস্থ নোহোৱাৰ ফলত-তেতিয়া জয়ায়ুৰ মাংসপেশিৰ সংকোচন হয়, জয়াৰুলৈ ৰক্ত-সঞ্চালন কমি যায় আৰু মাহেকীয়াৰ ৰক্তস্ৰাৱৰ লগত বিষ হবলৈ ধৰে৷যদিও প্ৰষ্টাগ্লেণ্ডিনৰ নিয়মীয়া প্ৰক্ৰিয়াৰ যোগদিয়েই মহিলাৰ ঋতুস্ৰাৱ হয়৷ বিষ সেইসকল মহিলাৰহে হয় যাৰ ক্ষেত্ৰত এই বিধ ৰাসায়নিক পদাৰ্থ হয় বেচিকৈ নিৰ্গতহয় নতুবা মহিলাগৰাকী প্ৰষ্টাগ্লেণ্ডিনৰ প্ৰতি বেচি সংবেদনশীল হয়৷ মস্তিষ্কৰ পিটিউটৰি গ্ৰন্থিৰ পৰা ওলোৱা ভেচপ্ৰেচিন নামৰ হৰম’নেপ্ৰষ্টাগ্লেণ্ডিনৰ উৎপাদনত ক্ৰিয়া কৰে৷ আন এটা থিয়ৰি মতে জৰায়ুৰ ৰক্তপ্ৰবাহ হ্ৰাস পালে কিছুমান এনে পদাৰ্থৰ উৎপত্তি হয় যাৰ ফলতটাইপ-চি বিষৰ কোষসমূহ সক্ৰিয় হৈ উঠে৷
প্ৰয়োজনীয় আশ্বাসনে ৰোগীৰ মনৰ ভিতৰৰপৰা ভীতি দূৰ কৰিব৷আহাৰ-কম চৰ্বিযুক্ত সুষম নিৰামিষ আহাৰ বেচিউপযোগী৷সহায়ক ঔষধ – ভিটামিন-ই, বি-কমপ্লেস্ক, অমেগা-৩ ফেটি এচিড ৷প্ৰধানঔষধ – ষ্টেৰইড নথকা প্ৰষ্টাগ্লেণ্ডিন বিৰোধী দৰবে(Non-Steroidal Anti Inflammatory Drugs চমুকৈ NSAID) বেচি ভাগ ৰোগীৰে কষ্টৰ উপশম ঘটায়৷নেপ্ৰস্কেন, আইব্ৰুপ্ৰফেন,কিটোপ্ৰফেন,মেফেনেমিক এচিড,ডাইক্লফেনেক আদি এইশ্ৰেণীত পৰে৷ এনে দৰবে প্ৰষ্টাগ্লেণ্ডিন ৰ উৎপাদনত বাধা দিয়াৰ ফলত ৰোগীৰবিষৰ উপশম ঘটে৷ সাধাৰণতে এইবিলাকৰ যি কোনো এবিধ দৰব চিকিৎসকে সাধাৰণতে তিনিটা মাহেকীয়া চক্ৰৰ বাবে খাবলৈ কয়৷ বিষ অনুভৱ হোৱাৰ লগে লগে দৰববিধ আৰম্ভ কৰি মাহেকীয়া চলি থকা দিনকেইটাত খাব লাগে৷ চিকিৎসকক নজনোৱাকৈ নিজে দৰব আৰম্ভ কৰিব নালাগে ৷ কিয়নো ভুলকৈ বা বেচিকৈ ইয়াৰ সেৱন কৰিলেএচিডিটি,গেষ্ট্ৰাটিচ, হেমাটমেচিচ আদি হব পাৰে ৷