শৰীৰৰ বিভিন্ন ৰোগৰ লক্ষণ জিভাত দেখা দিয়ে। জিভাৰ সাধাৰণ ৰঙৰ পৰিৱৰ্তনে ৰোগৰ লক্ষণ স্পষ্ট হৈ পৰে। ৰাতিপুৱা আৰু গধূলি দাঁত ব্ৰাছ কৰি মুখ পৰিষ্কাৰ কৰিলেও জিভাৰ বগা দাগবোৰ দেখা যায় ।
ইয়াৰ প্রকৃত কাৰণ হ’ল
১)যদি মুখৰ স্বাস্থ্যৰ সঠিক যত্ন লোৱা নহয় তেন্তে জিভাৰ ওপৰত বগা আৱৰণ পৰে।
২) বেক্টেৰিয়া আৰু ভেঁকুৰৰ আক্ৰমণৰ বাবে এনে হ’ব পাৰে।
৩) শৰীৰত পানীৰ অভাৱ হ’লেও জিভা বগা হৈ পৰে।
৪)নিয়মিত মদ্যপান, ধূমপান কিন্তু জিভাত বগা আৱৰণ।
মুখৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ ভেঁকুৰ বাস কৰে। ইয়াৰে এটা হ’ল ‘কেণ্ডিডা ঈষ্ট’। এই ভেঁকুৰৰ অতিমাত্ৰা বৃদ্ধি হ’লেও জিভাত বগা আৱৰণৰ সৃষ্টি হ’ব পাৰে। বিজ্ঞানৰ ভাষাত ইয়াক ‘অৰেল থ্ৰাছ’ বুলি কোৱা হয়। সাধাৰণতে গুৰুতৰ সমস্যা নহ’লেও মৌখিক থ্ৰাছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰিব পাৰে।
চিকিৎসকে মৌখিক থ্ৰাছৰ বাবে এন্টিফাংগেল ঔষধ প্ৰেছক্ৰিপচন কৰে। এই ধৰণৰ ঔষধ ৭ৰ পৰা ১৪ দিনলৈকে খাব লাগে। ইয়াৰ বাহিৰেও ঘৰতে নিমখীয়া পানীৰে গাৰ্গল কৰাটো এই সমস্যাৰ বাবে ভাল। সংক্ৰমণ নোহোৱালৈকে দৈনিক টুথব্ৰাছ সলনি কৰাটো ভাল। কিন্তু এই ৰোগ দীৰ্ঘদিন ধৰি থাকিলে মুখত আন ৰোগৰ জন্ম হ’ব পাৰে। খোৱাপানী বা খাদ্যৰ ক্ষেত্ৰতো সমস্যা হ’ব পাৰে। পৰিস্থিতি বেয়া হ’লে বহুতৰে জিভাৰ বিষো হয়।