তেজত কলেষ্টেৰলৰ মাত্ৰা অধিক হোৱাৰ প্ৰাৰম্ভিক লক্ষণ হ’ল অলপ খোজ কাঢ়িলে বা অলপ বেছি কাম কৰিলে উশাহ লোৱাত কষ্ট পোৱা। অৱশ্যে উশাহ লোৱাত কষ্ট পোৱাৰ আন বহুতো কাৰণ থাকিব পাৰে। সেয়ে তেজৰ পৰীক্ষা নকৰাকৈয়ে কলেষ্টেৰল বৃদ্ধি হৈছে নে নাই বহু লোকে বুজি নাপায়।
কিন্তু ভৰিৰ কিছুমান লক্ষণ চাই বুজিব পাৰি যদিহে তেজত বেয়া কলেষ্টেৰলৰ মাত্ৰা বাঢ়ে তেন্তে হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ি যায়।তেজত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পায় তেন্তে ভৰিত বিভিন্ন সমস্যাৰ সৃষ্টি হয়, যিটো চালেই আপোনাৰ কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হৈছে নে নাই সেয়া সহজেই বুজিব পাৰি। তেজত কলেষ্টেৰল বাঢ়িলে লক্ষণ জানি লওক।
১) ৰাতি ভৰি অনবৰতে ঠাণ্ডা হৈ থাকে: শীতকাল হওক বা গৰম হওক বা বৰষুণ হওক, সকলো ঋতুতে ৰাতি ভৰি ঠাণ্ডা হ’লে আৰু প্ৰতিদিনে এনেকুৱা হ’লে সাৱধান হওক।
২)ভৰিৰ আঙুলি আৰু ভৰিৰ গোৰোহা হঠাতে ফুলিলে: ভৰিৰ আঙুলি আৰু ভৰিৰ গোৰোহা হঠাৎ ফুলিলে আপোনাৰ কলেষ্টেৰল বৃদ্ধি হ’ব পাৰে বুলি আওকাণ নকৰিব। এইবোৰ উচ্চ কলেষ্টেৰলৰ লক্ষণ হ’ব পাৰে। পলম নকৰাকৈ তেজৰ পৰীক্ষা কৰক ।
৩) ভৰিৰ তলুৱাত জ্বলা-পোৰা হয়: সাধাৰণতে শৰীৰত অতিৰিক্ত পিত্ত থাকিলে ভৰিৰ তলুৱাত জ্বলা-পোৰা হয়। অৱশ্যে ইয়াৰ ফলত কলেষ্টেৰল বৃদ্ধিও হ’ব পাৰে। গতিকে ইয়াক সহজভাৱে ল’ব নালাগে