কিবা পাৰ্টি নাইবা কোনোবা বিশেষ ব্যক্তিক লগ কৰিবলৈ যোৱাৰ আগত পাৰ্লাৰ নোযোৱাকৈ অতি কম সময়তে আপুনি পাব পাৰে এটা উজ্জ্বল গ্ল’য়িং ফেচ। তাৰ বাবে আপুনি ল’ব লাগিব এই বিশেষ উপায়সমুহ । কি কি? তাক জানো আহক ।
কিবা পাৰ্টি নাইবা কোনোবা বিশেষ ব্যক্তিক লগ কৰিবলৈ যোৱাৰ আগত পাৰ্লাৰ নোযোৱাকৈ অতি কম সময়তে আপুনি পাব পাৰে এটা উজ্জ্বল গ্ল’য়িং ফেচ। তাৰ বাবে আপুনি ল’ব লাগিব এই বিশেষ উপায়সমুহ । কি কি? তাক জানো আহক ।
ধনীয়া পাত :ধনীয়া পাত ব্যৱহাৰ কৰি কোমল, কোমল, ধুনীয়া আৰু সুস্থ ছাল পাব পাৰি।
শুনি আচৰিত হৈছে নেকি? আচলতে ধনীয়া পাতত কিছুমান বিশেষ পদাৰ্থ থাকে যিয়ে ছালখন উজ্জ্বল কৰাত সহায় কৰে। ইয়াৰ বাবে ধনীয়া পাতেৰে মাস্ক বনাব পাৰে।
ধনীয়া পাতৰ পেষ্ট বনাওক। তাৰ পিছত ইয়াত এলোভেৰা জেল দি ভালদৰে মিহলাই তাৰ পিছত তাত কিছু মৌ দি মুখত লগাব।
ধনীয়া পাতৰ পেষ্টত অলপ নাৰিকল আৰু ভিটামিন ই কেপচুল মিহলাই ২০-২৫ মিনিট লগাব, তাৰ পিছত কুহুমীয়া পানীৰে ধুই পেলাওক। ছালখনো উজ্জ্বল হ’ব।
ধনীয়া পাত লগতে পেঁপাৰ ফেচ মাস্ক ব্যৱহাৰ কৰিব পাৰে। পেঁপাৰ পেষ্ট ধনীয়া পাতৰ পেষ্টৰ লগত মিহলাই মুখত লগাই ১০ৰ পৰা ১৫ মিনিটৰ পিছত কুহুমীয়া পানীৰে ধুই পেলাওক।
ধনীয়া পাত, নিম, তুলসী পাতৰ ফেচ মাস্ক আদিয়ো ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে এই তিনিখন পাত লৈ তাত কিছু মৌ দি ভালদৰে মিহলাই মুখত লগাব লাগে। আধা ঘণ্টাৰ পিছত কুহুমীয়া পানীৰে ধুই পেলাব।
লগতে ধনীয়া পাতৰ পেষ্টটো লৈ তাৰ পিছত অলপ হালধীৰ লগত ভালদৰে মিহলাই লওক। মুখত লগাওক আৰু কিছু সময়ৰ পিছত ধুব। ই মুখৰ ক’লা দাগবোৰ আঁতৰাই পেলাব।