
নিউজিলেণ্ডক ৯৬ ৰানত পৰাস্ত কৰি টি-২০ বিশ্বকাপ ২০২৬ত চেম্পিয়ন হয় টীম ইণ্ডিয়া। তৃতীয়বাৰৰ বাবে ভাৰতে এই খিতাপ দখল কৰাৰ পিছত সমগ্ৰ দেশতে আনন্দৰ জোৱাৰ দেখা গৈছে। ফাইনেলত বেটে-বলে উজলি উঠিল সূৰ্য বাহিনী। টি২০ বিশ্বকাপ জিকি ইতিহাস সৃষ্টি কৰিছে ভাৰতে। এফালে যিদৰে ইতিহাস ৰচনা হৈছে, আনহাতে চেম্পিয়ন হৈ লক্ষ্মীলাভো কম হোৱা নাই ভাৰতৰ।টি-২০ বিশ্বকাপ জিকি ভাৰতীয় দলে কিমান টকা পাইছে জানিলে হতবাক হ’ব। আইচিচিয়ে সকলো ধৰণৰ প্ৰাইজমানি মিলাই ১০১ কোটি টকা ধাৰ্য কৰিছিল। চেম্পিয়ন হিচাপে ভাৰতীয় দলে পাইছে আটাইতকৈ বেছি অংকৰ পুৰস্কাৰ।বিজয়ী দল হিচাপে ভাৰতে লাভ কৰিছে ২.৩৪ মিলিয়ন মাৰ্কিন ডলাৰ, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ২১ কোটি ৫০ লাখ টকাৰ সমান। অৰ্থাৎ প্ৰতিযোগিতাৰ মুঠ আৰ্থিক পুৰস্কাৰৰ পাঁচভাগৰ এভাগ আহিছে টীম ইণ্ডিয়াৰ পকেটলৈ।আনহাতে, ফাইনেলত পৰাস্ত হৈ ৰানাৰ্ছ আপ হোৱা নিউজিলেণ্ডে পাইছে ১.১৭ মিলিয়ন মাৰ্কিন ডলাৰ বা প্ৰায় ১০ কোটি ৭৫ লাখ টকা। প্ৰতিযোগিতাত অংশ লোৱা প্ৰতিটো দলকে অন্তত ১ কোটি ৩ লাখ টকাকৈ দিয়া হৈছে।