পূব হিমালয়ৰ দুৰ্গম উচ্চভূমিত, য’ত লঘু বতাহ বয় যদিও প্ৰকৃতি ৰুক্ষ, তাত এটা আচৰিত উদ্ভিদ নিৰৱে গজি উঠে। ইয়াৰ নাম ‘ছিকিম সুন্দৰী’। ইয়াৰ বৈজ্ঞানিক নাম ৰিউম নোবিলে (Rheum nobile)। ইয়াৰ বিৰল জীৱনচক্ৰ আৰু ফুল ফুলাৰ মুহূৰ্তত চকু কপালত তুলিব পৰা ৰূপটোৱে বছৰ বছৰ ধৰি উদ্ভিদবিজ্ঞানী আৰু প্ৰকৃতিপ্ৰেমীসকলক আচৰিত কৰি তুলিছে।

এই উদ্ভিদৰ জীৱনৰ বেছিভাগ সময় মাটিৰ ওচৰত, পাতৰ সৰু কলি হিচাপে কটায়। বছৰৰ পিছত বছৰ ধৰি ই শক্তি সঞ্চয় কৰে। তাৰ পাছত এদিন হঠাৎ ৭ৰ পৰা ৩০ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্তত আকাশৰ পিনে মূৰ তোলে। প্ৰায় দুইমিটাৰ ওখ স্তম্ভৰ দৰে গছজোপাই তাৰ পিছত ফুল ফুলায়, বীজ বিয়পাই দিয়ে আৰু ইয়াৰ সেই এবাৰতে তাৰ জীৱনচক্ৰ শেষ হয়।
‘ছিকিম সুন্দৰী’ ফুলিলে স্বচ্ছ আৱৰণবোৰ এনে লাগে যেন তাৰ ওপৰত কাঁচৰ তৰপ এটা আবদ্ধ হৈ আছে। এই আৱৰণে ফুলটোক প্ৰচণ্ড ঠাণ্ডা বতাহ আৰু উচ্চতাৰ তীব্ৰ অতিবেঙুনীয়া পোহৰৰ পৰা ৰক্ষা কৰে। দূৰৰ পৰা চালে এনে লাগে যেন শিলৰ পটভূমিত থিয় হৈ থকা গছজোপাই পোহৰ বিকিৰণ কৰিছে, এক নিস্তব্ধ অথচ অনন্য দৃশ্য।
শেহতীয়াকৈ ২০২৫ চনৰ ডিচেম্বৰ মাহত বন্দী হৈছিল এই আপুৰুগীয়া ফুলৰ ঘটনা। সেই ছবিখন ছ’চিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে ছিকিমৰ সীমা অতিক্ৰমি সাধাৰণ মানুহ আৰু বিজ্ঞানীৰ দৃষ্টি আকৰ্ষণ কৰে। এনে ফুল দেখাটো ইমানেই বিৰল কাৰণ এই গছজোপা সমুদ্ৰপৃষ্ঠৰ পৰা ৪০০০ৰ পৰা ৪৮০০ মিটাৰ উচ্চতাত গজে, য’ত গৈ পোৱাটো কঠিন, আৰু যিকোনো মুহূৰ্ততে বতৰ সলনি হ’ব পাৰে।
এসময়ত স্থানীয় জনগোষ্ঠীসমূহে এই গছজোপা পৰম্পৰাগত চিকিৎসাত ব্যৱহাৰ কৰিছিল। অৱশ্যে এতিয়া সংৰক্ষণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। কাৰণ, এবাৰেই ফুলি উঠা এই উদ্ভিদে হিমালয়ৰ জীৱনৰ সুক্ষ্ম ছন্দৰ কথা মনত পেলাই দিয়ে, আৰু প্ৰকৃতি নিৰীক্ষণ কৰিবলৈ কিমান ধৈৰ্য্যৰ প্ৰয়োজন সেই কথা শিকায়।
ট্ৰেকাৰ, উদ্ভিদবিদ বা প্ৰকৃতিপ্ৰেমী যিসকলৰ ‘ছিকিম সুন্দৰী’ক ফুলি উঠা দেখিবলৈ পোৱাৰ সৌভাগ্য হৈছে তেওঁলোকে জানে যে এনে দৃশ্য জীৱনত এবাৰহে আহে। সাধাৰণ পৃথিৱীৰ বহু ওপৰত, হিমালয়ৰ কোলাত থিয় হৈ থকা জীৱনৰ এক নীৰৱ উদযাপন।