Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

শীতকালৰ আগমনৰ লগে লগে আমাৰ শৰীৰক অতিৰিক্ত যত্নৰ প্ৰয়োজন হয়। এই সময়ছোৱাত চৰ্দি, কাহ বা শাৰীৰিক দুৰ্বলতাৰ দৰে সমস্যাবোৰ তেনেই সাধাৰণ কথা হৈ পৰে। সুস্বাস্থ্যৰ বাবে সঠিক খাদ্যাভ্যাসৰ অত্যন্ত প্ৰয়োজন; সেয়েহে আমাৰ খাদ্য তালিকাত সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। এই শাক-পাচলিবোৰে আমাৰ ৰুচি বৃদ্ধি কৰাই নহয়, আমাৰ শৰীৰটোক ভিতৰৰ পৰা শক্তিশালী, উষ্ণ আৰু সুস্থ কৰি ৰখাতো সহায় কৰে। বিশেষকৈ শীতকালত অসমত উপলব্ধ কিছুমান সেউজীয়া শাক পুষ্টিকৰ হোৱাৰ লগতে আমাৰ শৰীৰৰ শক্তি বৃদ্ধি কৰে।


আমাৰ জ্যেষ্ঠসকলে সদায় শৰীৰৰ উপকাৰৰ বাবে শাক-পাচলি খোৱাৰ পৰামৰ্শ দিয়ে। বৰ্তমান বজাৰত বিভিন্ন সেউজীয়া শাক-পাচলি সহজলভ্য হৈ পৰিছে। বহুলোকে নিজৰ বাৰীতেই ভিন্ন শাক-পাচলিৰ খেতি কৰে। জ্যেষ্ঠজনৰ পৰামৰ্শৰ পিছতো বহুতে শাক খাবলৈ অনিচ্ছা প্ৰকাশ কৰা দেখা যায়, কিন্তু এইসমূহৰ ঔষধি গুণৰ বিষয়ে জানিলে আপুনি কেতিয়াও এনে ভুল নকৰে।
আমাৰ অসমত এনে বহু শাক আছে যিবোৰ স্বাস্থ্যৰ বাবে মহৌষধসদৃশ। মৌমাখিয়ে যিদৰে নানা উৎসৰ পৰা ৰস আহৰণ কৰি ‘অমৃতসম’ মৌ তৈয়াৰ কৰে, ঠিক তেনেদৰে বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ এইসমূহ শাকৰ আঞ্জা আমাৰ শৰীৰৰ বাবে অমৃততুল্য। আইৰণ আৰু ভিটামিনৰ পৰা আৰম্ভ কৰি এণ্টিঅক্সিডেণ্টলৈকে বহু পুষ্টিকৰ উপাদান এই শাকবোৰত প্ৰচুৰ পৰিমাণে পোৱা যায়।
আহক জানো এই শীতকালত আপুনি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পৰা কেইবিধমান সেউজীয়া শাকৰ বিষয়ে:

১/ পালেং শাক
পালেঙত অতি কম কেলৰি থাকে যদিও ই প্ৰটিন, কাৰ্ব, ফাইবাৰ, ফলিক এচিড আৰু কেলচিয়ামৰ এক উৎকৃষ্ট উৎস। ইয়াৰ উপৰিও ই আইৰণৰ এক অন্যতম উৎস। পালেঙত ভিটামিন চি আৰু ভিটামিন কে প্ৰচুৰ পৰিমাণে থাকে। ইয়াত উপলব্ধ এণ্টিঅক্সিডেণ্টসমূহে অক্সিডেটিভ চাপ (Oxidative stress) হ্ৰাস কৰে। পালেঙত থকা জিএক্সান্থিন আৰু লুটিন চকুৰ বাবে উপকাৰী। তদুপৰি, ৰক্তচাপ নিয়ন্ত্ৰণতো পালেং অতি সহায়ক।

২/ মেথি শাক
মেথি শাকত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। ইয়াৰ উপৰিও ইয়াত ভিটামিন এ, বি৬, কে আৰু খনিজ পদাৰ্থ যেনে— আইৰণ, পটাছিয়াম আৰু কেলচিয়াম থাকে। মেথি শাকে তেজৰ চেনি (Blood Sugar) নিয়ন্ত্ৰণত সহায় কৰে। মেথিত ফাইবাৰৰ পৰিমাণ অধিক হোৱাৰ বাবে হজম শক্তি উন্নত হয় আৰু কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হয়। মেথিত থকা আইৰণে হিম’গ্লবিন বৃদ্ধিত সহায় কৰে। গাঁঠিৰ বিষৰ সমস্যা থকা লোকৰ বাবে মেথি শাক খোৱাটো অতি উপকাৰী।

৩/ জিলমিল শাক
জিলমিল শাকত যথেষ্ট পৰিমাণে ভিটামিন এ, চি, কে, কেলচিয়াম, আইৰণ আৰু ফাইবাৰ থাকে। জিলমিল শাকে হাড় শক্তিশালী কৰে, ওজন নিয়ন্ত্ৰণত সহায় কৰে আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। আইৰণৰ পৰিমাণ অধিক হোৱাৰ বাবে ই তেজ বিশুদ্ধ কৰাতো সহায় কৰে।

৪/ লাই শাক
লাই শাকত ভিটামিন এ, চি, ই, কে আৰু কেলচিয়ামৰ দৰে পুষ্টিকৰ উপাদান থাকে। লাই শাকে হজম শক্তি বৃদ্ধি কৰাৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। হৃদৰোগীৰ বাবেও লাই শাক অতি উপকাৰী বুলি গণ্য কৰা হয়।

৫/ মৰিচা শাক
মৰিচাত যথেষ্ট পৰিমাণৰ ভিটামিন, কেলচিয়াম, মেগনেছিয়াম আৰু প্ৰটিন থাকে। মৰিচা খালে চকুৰ দৃষ্টিশক্তি উন্নত হয়। ই হাড় মজবুত কৰে আৰু ৰক্ত সঞ্চালন প্ৰক্ৰিয়া উন্নত কৰাত সহায় কৰে। ওজন হ্ৰাস কৰিব বিচৰা লোকৰ বাবে মৰিচা এবিধ শ্ৰেষ্ঠ খাদ্য।

৬/ দোৰোণ বন
দোৰোণ বনৰ ঔষধি গুণ নহৰু, নেমুটেঙা বা তুলসীতকৈ কোনো গুণে কম নহয়। ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাই। উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ বাবেও দোৰোণ ক্ষতিকাৰক নহয়। যিসকলে ইয়াৰ গোন্ধটো ভাল নাপায়, তেওঁলোকে পদিনা, মছন্দৰী, মধুসোলেং বা ঢেকীয়া শাকৰ লগত মিহলাই খাব পাৰে। দোৰোণৰ বিশিষ্ট গুণসমূহ হ’ল— ই বিষহাৰক, জ্বৰনাশক, এণ্টিফাংগেল (ভেঁকুৰ প্ৰতিৰোধী), এণ্টি-বেক্টেৰিয়েল আৰু কৃমিনাশক। লিভাৰৰ সমস্যা, কাহ আৰু ডায়েবেটিছৰ বাবেও দোৰোণ অতি উপকাৰী।

Wordpress Social Share Plugin powered by Ultimatelysocial