আজি ৩১ ডিচেম্বৰ,২০২৫। এই বিষেশ দিনটোৱেই আমাক সোঁৱৰাই দিয়ে পুৰণিক বিদায় দি নতুন আদৰণি জনাবলৈ। এই দিনটোতেই আমি ভাবো পাৰ কৰা প্ৰতিটো ক্ষণৰ কথা। অনুভৱ কৰোঁ সকলো বোৰ। কিমান দুখ, সুখ, সফলতা, বিফলতা, আনন্দ – বেদনাৰ স্মৃতিয়ে মন ভৰাই তোলে। এই স্মৃতি বোৰেই জীৱন বাটত আগবাঢ়ি যোৱাত সহায় কৰে। শিকায় জীৱনৰ নতুন পাঠ।

কি পালো আৰু কি হেৰুৱালোঁ
সকলো সামৰি আমি আগবাঢ়ো নতুন চিন্তা আৰু নতুন উদ্যমেৰে।
বছৰৰ শেষৰ দিনটোৱেই আমাক সোঁৱৰাই দিয়ে সময়ৰ গতিশীলতাৰ কথা। এই দিনটো বিশেষ, কিছু স্মৰণীয়।
এই বৰ্ষতেই আমি হেৰুৱালোঁ আমাৰ মৰমৰ, আদৰৰ, সন্মানৰ বহু কেইগৰাকী ব্যক্তিক। আশা কৰোঁ নৱবৰ্ষই সকলোৰে জীৱনলৈ কঢ়িয়াই আনিব সুখ, শান্তি আৰু সমৃদ্ধিৰ বাৰ্তা। পুৰণিক বিদায় দি নতুন আদৰাৰ সময় যে এইয়া। সমগ্ৰ বিশ্বতেই চলিছে ব্যাপক প্ৰস্তুতি।
২০২৬ ৰ দুৱাৰদলি চাপি আহিছে। নতুন চিন্তা, নতুন আশা, নতুন উদ্যম, নতুন পৰিকল্পনা। নতুন লক্ষ্য নিৰ্ধাৰণ কৰি সেই লক্ষ্য পূৰণ কৰিবলৈ সকলো প্ৰস্তুত আমি।
বিদায় ২০২৫