Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

বৰ্তমান সময়ত WhatsApp হৈছে বিশ্বজুৰি ব্যৱহৃত এটা জনপ্ৰিয় মেছেজিং এপ। আপুনি মই সকলোৱে এই এপ ব্যৱহাৰ কৰো। WhatsAppএও ব্যৱহাৰকাৰীৰ গোপনীয়তাৰ বাবে বহুতো বৈশিষ্ট্য প্ৰদান কৰে। ইয়াৰে এটা বৈশিষ্ট্য হৈছে Delete for Everyone।

এটা মেছেজ যেতিয়া ভুলকৈ প্ৰেৰণ কৰা হয় অথবা মেছেজটো যাতে নেদেখে তাৰ বাবে এই বৈশিষ্টটো ব্যৱহাৰ কৰা হয়। প্ৰেৰকলৈ ভুলকৈ প্ৰেৰণ কৰা মেছেজসমূহ Delete for Everyone কৰি নোহোৱা কৰিব পাৰি। আপুনি যালৈ মেছেজ প্ৰেৰণ কৰিছে তেঁওৱে ইচ্ছা কৰিলেও পঢ়িব নোৱাৰে। আপুনি জানি আচৰিত হ’ব যে এই মেছেজসমূহ Delete কৰাৰ পিছতো কিন্তু এটা ট্ৰেচত থাকে। এই পদ্ধতিয়ে ৰিচিভাৰক জনায় যে এটা মেছেজ আহিছিল যিটো ডিলিট কৰা হৈছিল। হয়তো ভুলতে সেই বাৰ্তাটো পঠিওৱা হৈছিল। কিন্তু বহুতে সাধাৰণতে এই মেছেজ পঢ়াৰ কোনো বিকল্প বিষয়ে নাজানে।

ডিলিট কৰা মেছেজবোৰত কি লিখা হৈছিল সেই কথা জানিবলৈ বহু লোকে বহুত ইচ্ছা কৰে। প্ৰেৰকে Delete কৰাৰ মেছেজ চাবলৈ গুগল প্লে ষ্ট’ৰত বহুতো থাৰ্ড পাৰ্টি এপ আছে। কিন্তু সকলোৱে হয়টো সেই পদ্ধতিৰ বিষয়ে জ্ঞাত নহয়। উল্লেখযোগ্য যে সেই এপবোৰ ব্যৱহাৰ কৰিলে কেতিয়াবা আপোনাৰ গুৰুত্বপূৰ্ণ তথ্য চুৰিৰ সম্ভাৱনা থাকে। আপুনি চাইবাৰ ক্ৰাইমৰো বলি হ’ব পাৰে। গতিকে ইয়াত আমি আপোনালোকক তেনে এটা বিশেষ উপায়ৰ বিষয়ে জনাম যাৰ ফলত থাৰ্ড পাৰ্টি এপ অবিহনে আপুনি ডিলিট কৰা মেছেজ পঢ়িবলৈ সক্ষম হ’ব। আৰু উৎকণ্ঠাৰো অৱসান হ’ব।

প্ৰথম কথা, এই সুবিধা কেৱল Android 11 আৰু তাৰ ওপৰৰ ক্ষেত্ৰতহে উপলব্ধ। গতিকে প্ৰথমে ফোন সংস্কৰণ পৰীক্ষা কৰি ফোন আপডেট কৰক। তাৰ পাছত ফোন চেটিংছলৈ যাওক। ইয়াৰ পিছত (Notifications) লৈ যাওক। ইয়াৰ পিছত More Settings লৈ যাওক। ইয়াৰ পিছত Notifications History পৰীক্ষা কৰক। ইয়াৰ পিছত স্ক্ৰীণত দেখা টোগলক প্ৰেছ কৰক। এই বুটামটো টিপিলে যেতিয়া আপুনি এই প্ৰক্ৰিয়াটো পুনৰাবৃত্তি কৰে, তেতিয়া আপুনি যোৱা ২৪ ঘণ্টাত আপোনাৰ ফোনত লাভ কৰা সকলো মেছেজ চাবলৈ পাৰিব। ইয়াত Delete কৰাৰ মেছেজো থাকিব। কিন্তু ফটো, ভিডিঅ’ বা অডিঅ’ মেছেজ চাব নোৱাৰিব। আপুনি কেৱল Text মেছেজহে চাব পাৰিব।

Wordpress Social Share Plugin powered by Ultimatelysocial