মচুৰ দাইলৰ বহু উপকাৰিতা আছে। মচুৰ দাইলত প্ৰচুৰ পৰিমাণে প্ৰটিন আছে আৰু খুব কম পৰিমাণে কেলৰি আছে। ভাৰতৰ প্ৰায় মানুহে মচুৰ দাইল খায়।ভাতৰ সৈতে মচুৰ দাইলৰ এক ওত:পোত সম্পৰ্ক আছে।ওজন কমাবলৈ বিচৰা লোকে প্ৰচুৰ পৰিমাণে মচুৰ দাইল খাব লাগে।প্ৰটিনৰ বাবে পেশী গঠন হোৱাত সহায় কৰে মচুৰ দাইলে।ফাইবাৰ সমৃদ্ধ মচুৰ দাইলে ব্লাড ছুগাৰ নিয়ন্ত্ৰণত সহায় কৰে।ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ৰক্তহীনতা ৰোধ কৰে। হৃদৰোগ, উজ্জ্বল ছাল আৰু হাড়ৰ সমস্যাৰ বাবেও মচুৰ দাইল কাৰ্যকৰী। কিন্তু বহু উপকাৰিতা থাকিলেও কিছু কিছু ক্ষেত্ৰত মচুৰ দাইল বহু অপকাৰী।

ইউৰিক এচিড থকা লোকৰ বাবে মচুৰ দাইল অতিকৈ অপকাৰী।এই দালিত পিউৰিনৰ মাত্ৰা বেছি থাকে। পিউৰিনৰ ফলত ইউৰিক এছিড আৰু জইন্ট পেইন বাঢ়িব পাৰে।কিডনীৰ সমস্যাৰ বাবেও মচুৰ দাইল ক্ষতিকাৰক।মচুৰ দাইলত এক্সালেট বেছি থাকে।ফলত কিডনীৰ পাথৰ আৰু অন্য সমস্যা হ’ব পাৰে।অত্যধিক মচুৰ দাইল খালে গেছৰ সমস্যা হ’ব পাৰে।