Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

২০২৫ শেষ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী।২০২৫ ত ভাৰতৰ সৰ্বাধিক চাৰ্চ কৰা খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত হ’ল কেবাবিধো ভাৰতীয় খাদ্য।

চলচ্চিত্ৰ তাৰকাৰ পৰা আৰম্ভ কৰি ভ্ৰমণ স্থানলৈকে ভাৰতবাসীয়ে গুগলত চাৰ্চ কৰিছে বিভিন্ন খাদ্য।
বছৰটো শেষ হোৱাৰ পূৰ্বে গুগলে প্ৰকাশ কৰিছে সৰ্বাধিক চাৰ্চ কৰা খাদ্যৰ তালিকা।

গুগলত চাৰ্চ কৰা ১০ বিধ খাদ্যৰ তালিকাৰ শীৰ্ষত আছে ইডলি।


দক্ষিণ ভাৰতৰ বিখ্যাত খাদ্য ইডলি আছে সৰ্বাধিক চাৰ্চ তালিকাৰ প্ৰথম স্থানত।পৰ্ণষ্টাৰ মাৰ্টিনিয়ে সন্ধান তালিকাত লাভ কৰিছে দ্বিতীয় স্থান।তৃতীয় স্থানত আছে গণেশ চতুৰ্থী উৎসৱৰ পৰম্পৰাগত ভোগ প্ৰসাদ উকাদিচে মোদক।বিহাৰৰ বিখ্যাত থেকুৱায়ে লাভ কৰিছে চতুৰ্থ স্থান।তেলেগু নৱবৰ্ষত খোৱা উগাদী পচড়ীয়ে পঞ্চম স্থান লাভ কৰে সৰ্বাধিক চাৰ্চৰ তালিকাত।গুগলৰ সন্ধান তালিকাত ষষ্ঠ স্থানত আছে বীটৰুট কাঞ্জী।সপ্তম স্থানত নাম অন্তৰ্ভুক্ত হ’ল তামিলনাডুৰ তিৰুৱতিৰাই কালী।
ভাৰতৰ সৰ্বাধিক চাৰ্চৰ তালিকাত ইয়ৰ্কশ্বাৰ পুডিংৰ স্থান অষ্টমত।তালিকাৰ নৱম স্থানত আছে গ’ণ্ড কাতিৰা।দক্ষিণ ভাৰতৰ কোলাকাটাই আছে দশম স্থানত।

অতিকৈ দুখৰ কথা যে গুগলৰ সন্ধান তালিকাত নাম অন্তৰ্ভুক্ত নহ’ল এবিধো অসমীয়া খাদ্যৰ।

Wordpress Social Share Plugin powered by Ultimatelysocial