
ধনেশ পক্ষী উৎসৱ উত্তৰ-পূব ভাৰতৰ নাগালেণ্ডৰ ক’হিমাত প্ৰতিবছৰৰ দৰে এই বছৰৰো এক ডিচেম্বৰৰ পৰা আৰম্ভ হৈ দহ ডিচেম্বৰলৈকে উদযাপন কৰা হ’ব এই উৎসৱ ৷ নাগালেণ্ড ৰাজ্যক এই উৎসৱক মহোৎসৱ বুলিও আখ্যা দিয়া হয় ৷ হৰ্ণবিল উৎসৱ নাগালেণ্ডৰ পৰ্য্যটন আৰু কলা আৰু সংস্কৃতি বিভাগে অনুষ্ঠিত কৰে। এই উৎসৱত সকলো নগা জনজাতিৰ সোতৰটা কলা-সংস্কৃতি একেটা উৎসৱতে উদযাপন কৰাৰ এক প্ৰচেষ্টা । উৎসৱটোৰ মূল স্থলী হ’ল ক’হিমা চহৰৰ পৰা বাৰ কিলোমিটাৰ দূৰত্বত অৱস্থিত নগা হেৰিটেজ গাওঁ কিছামা ৷ সকলো নগা জনজাতিয়েই এই উৎসৱত অংশগ্ৰহণ কৰি এক উৎসৱমূখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। উৎসৱৰ দৰ্শকসকলে নগা জনগোষ্ঠীসকলৰ পৰম্পৰা খাদ্য, সংগীত-নৃত্য আৰু ৰীতি নীতিকে ধৰি নগা সংস্কৃতিক ওচৰৰ পৰা জনাৰ আৰু অভিজ্ঞতা লোৱাৰো এক সুযোগ লাভ কৰে। তাৰোপৰি পৰম্পৰাগত নগা কলা যেনে বিভিন্ন চিত্ৰ, কাঠৰ কাৰুকাৰ্য্য ইত্যাদিৰ প্ৰদৰ্শনীও অনুষ্ঠিত হয়। এই উৎসৱত পৰম্পৰাগত নগা মৰুং সমূহৰ প্ৰদৰ্শন হয় ৷ উৎসৱটোৰ বিশেষ আকৰ্ষণসমূহ হৈছে কলা আৰু কাৰুকাৰ্য্যৰ প্ৰদৰ্শনী, নগা খাদ্যৰ ষ্টলসমূহ, ফুলৰ প্ৰদৰ্শনী, নৃত্য আৰু গীত পৰিবেশন, ফেশ্বন শ্ব’, মিছ নাগালেণ্ড সুন্দৰী প্ৰতিযোগীতা, পৰম্পৰাগত আৰ্চাৰী, নগা মল্লযুঁজ, পৰম্পৰাগত খেলধেমালি আৰু সংগীত অনুষ্ঠানসমূহ । সুদূৰ সাত সাগৰ তেৰ নদী পাৰ হৈ ইংলেণ্ডৰ পৰা অহা বিদেশী পৰ্য্যটকৰ ভিৰ হোৱা দেখা গৈছে।