Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ভাৰতীয় মূলৰ মহাকাশচাৰী সুভাংশু শুক্লা আৰু আন তিনিজন মহাকাশচাৰীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি আহিব বুলি নাছাই কৰিছে ঘোষণা । তেওঁলোক সকলো এক্সিয়াম-৪ অভিযানৰ অংশ হিচাপে মহাকাশলৈ গৈছিল। ১৪ জুলাইত সুভাংশু, পেগী হুইটছন, স্লাভোছ উজনানস্কি-উইছনিউস্কি, টিবৰ কাপুকে ধৰি আন তিনিজন মহাকাশচাৰীয়ে পৃথিৱীত ভৰি দিব।


এক্সিয়াম-৪ অভিযানত থকা ড্ৰেগন মহাকাশযানখনে ২৫ জুনত ফ্ল’ৰিডাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰিছিল। প্ৰায় ২৮ ঘণ্টাৰ যাত্ৰাৰ অন্তত ২৬ জুনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হয়। নাছাই কয় যে মহাকাশত প্ৰায় ১৮ দিন কটোৱাৰ পাছত এতিয়া এই চাৰিজন মহাকাশচাৰীৰ পৃথিৱীলৈ ঘূৰি অহাৰ সময় আহি পৰিছে। অভিযানৰ অন্তিম পৰ্যায়ত তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা ডক কৰি ড্ৰেগন কেপচুলত পৃথিৱীলৈ উভতি আহিব।

Wordpress Social Share Plugin powered by Ultimatelysocial