Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

এজন শিক্ষকৰ কাহিনীয়ে আপোনাকো চুই যাব। প্ৰায় ২০ বছৰে সাঁতুৰি নৈ পাৰ হৈ বিদ্যালয়লৈ আহি আছে এজন শিক্ষক।শিক্ষকজনৰ কাহিনীয়ে চুই গৈছে দেশবাসীক। নাম- আব্দুল মালিক।এটা দিনেও ছুটী নোলোৱা এজন শিক্ষক,প্ৰতিদিনেই সাঁতুৰি নৈ পাৰ হৈ বিদ্যালয়লৈ আহে তেওঁ,হাতত কিতাপৰ বেগ,কাপোৰ লৈ এবুকু পানীত সাঁতুৰি তেওঁ বিদ্যালয়লৈ আহে l


গণিতৰ শিক্ষক আব্দুল মালিকৰ কাহিনী এতিয়া আদৰ্শ আৰু প্ৰেৰণাৰ অন্যতম কাৰণ ,কেৰালাৰ এখন বিদ্যালয়ত কৰ্মৰত আব্দুল, মালাপ্পুৰামৰ এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰে আব্দুলে। তেওঁ উল্লেখ কৰা অনুসৰি বিদ্যালয়ৰ পৰা তেওঁৰ ঘৰলৈ প্ৰায় কেইবা কিলোমিটাৰৰ পথ। যাৰ বাবে সময় লাগে প্ৰায় ৩ ঘটা। সেয়েহে সময়মতে বিদ্যালয় পাবলৈ সাঁতুৰি আহে আব্দুল। বছৰ,বছৰ ধৰি শিক্ষা প্ৰদান কৰি আহিছে আব্দুলে।

Wordpress Social Share Plugin powered by Ultimatelysocial