Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

সন্ত্ৰাসবাদীক লৈ কঠোৰ স্থিতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।প্ৰধানমন্ত্ৰীৰ মতে ‘সন্ত্ৰাসবাদী আৰু ভাৰতত আক্ৰমণৰ পৰিকল্পনা ৰচনা কৰাসকল সাৱধান।সন্ত্ৰাসবাদী আৰু ভাৰতত আক্ৰমণৰ পৰিকল্পনা ৰচনা কৰা কোনো সাৰি যাব নোৱাৰিব।আমি কঠোৰ শাস্তি বিহিম’। বিহাৰত জনসভাত অংশ লৈ এই ঘোষণা প্ৰধানমন্ত্ৰীৰ।সমান্তৰালভাৱে পাকিস্তানৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ এক্সন আৰম্ভ।মোডী চৰকাৰৰ পাকিস্তানৰ বিৰুদ্ধে ৫ টা কঠোৰ সিদ্ধান্ত। ভাৰত চৰকাৰৰ সিদ্ধান্তত পাকিস্তানত হাহাকাৰ।উপায়হীন হৈ পৰিছে পাকিস্তান চৰকাৰ।সিদ্ধান্ত অনুসৰি,পাকিস্তানৰ দূটাবাস বন্ধৰ নিৰ্দেশ চৰকাৰৰ।৪৮ ঘন্টাৰ ভিতৰত পাকিস্তানৰ নাগৰিকক ভাৰত এৰাৰ নিৰ্দেশ।
বাতিল কৰা হ’ল সিন্ধু জল চুক্তি।সকলো পাকিস্তানীৰ ভিছা বাতিল ভাৰত চৰকাৰৰ।বাঘা সীমান্ত বন্ধ কৰাৰ নিৰ্দেশ।পাকিস্তানত থকা ভাৰতীয় দূতাবাসৰ বিষয়াক উভতি অহাৰ নিৰ্দেশ। এই ৫ টা সিদ্ধান্ত গ্ৰহণ কৰে ভাৰত চৰকাৰে । নিশা প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত মোডীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত হৈছিল বৈঠক। য’ত উপস্থিত আছিল দেশৰ গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীসহ বহু শীৰ্ষ বিষয়া। সেই বৈঠকতে পাকিস্থানৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিলে চৰকাৰে।

Wordpress Social Share Plugin powered by Ultimatelysocial