মাঘ বিহুৰ নিশা মহানগৰীৰ কাহিলিপাৰাত চাঞ্চল্যকৰ ঘটনা। মদ খাবলৈ লগ হোৱা বন্ধুৱে প্ৰাণ ল’লে বন্ধুৰ।
কাহিলিপাৰাৰ পষ্ট অফিচৰ সমিপৰ এই ঘটনা। আকাশ চৌধুৰী নামৰ এজন যুৱকজনক হত্যা কৰে ৪ বন্ধুৱে। নিশা
সুৰাপান কৰিবলৈ লগ হোৱা যুৱক কেইজনৰ মাজত সুৰাপান কৰাৰ পিছতে হৈছিল কাজিয়া। কাজিয়াতে মৃত্যু হয় আকাশ চৌধুৰী নামৰ যুৱকজনৰ। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিশাই আটক কৰিছে আকাশৰ হত্যাৰে জড়িত ৪ যুৱকক।
ৰেপি’ড চলাইছিল আকাশ চৌধুৰী নামৰ যুৱকজনে। নিশা একেলগে মদ খাইছিল বনজিত, অলকেশ, জিয়াৰুল, তপন নাম যুৱক কেইজনৰ সৈতে। সমগ্ৰ ঘটনা সন্দৰ্ভত ভগদত্তপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।