Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াবলৈ লাগিব বিশেষ যোগ্যতা লাগিব প্ৰাৰ্থীৰ। বিশেষ যোগ্যতাৰ ভিত্তিত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰিব প্ৰাৰ্থীয়ে। বেংকত লেন-দেনৰ আপত্তি থাকিব নালাগিব পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচৰা প্ৰাৰ্থীৰ । বেংকত লেন-দেনৰ আপত্তিবিহীন প্ৰমাণ পত্ৰ থাকিলেহে প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচনত।


নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ প্ৰাৰ্থীৰ থাকিব লাগিব আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড। ভোটাৰ তালিকাত নাম থাকিলেহে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব পাৰিব প্ৰাৰ্থীয়ে। শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ দেখুওৱাব লাগিব প্ৰতিগৰাকী প্ৰাৰ্থীয়ে। সমবায়ৰ আপত্তিগত গোচৰ থাকিব নালাগিব পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচৰা প্ৰাৰ্থীৰ । সমবায় আপত্তিবিহীন প্ৰমাণ পত্ৰ জমা দিব লাগিব নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচৰা প্ৰাৰ্থীয়ে। ইয়াৰ উপৰিও কেইবাখনো জৰুৰী নথি-পত্ৰ জমা দিব লাগিব প্ৰাৰ্থীয়ে।


প্ৰয়োজন হ’ব সমাবায় আপত্তিবিহীন প্ৰমাণ পত্ৰ, স্থায়ী ঠিকনাৰ প্ৰমাণ পত্ৰ, মাটিৰ খাজানৰ পত্ৰ, আঞ্চলিক পঞ্চায়তৰ NOC।
মাটিৰ প্ৰমাণ পত্ৰ বা পাকী জাই প্ৰমাণ পত্ৰ থাকিব লাগিব নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচৰা প্ৰাৰ্থীৰ । জানুৱাৰীৰ প্ৰথম সপ্তাহতে ঘোষণা হ’ব পঞ্চায়ত নিৰ্বাচনৰ সূচী ।

Wordpress Social Share Plugin powered by Ultimatelysocial