Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

দাক্ষিণাত্যৰ জনপ্ৰিয় ছবি Dear Comrade আৰু Geetha Govindam ত দাম্পত্যৰ অভিনয়ৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল ৰশ্মিকা মন্দানা আৰু বিজয় দেৱেৰাকোণ্ডাই।ৰিল লাইফত এবাৰ দুবাৰ নহয় কেইবাবাৰো বিয়াত বহিছে দুয়োগৰাকী।ৰিল লাইফত প্ৰেমৰ অভিনয় কৰি ৰিয়েল লাইফত প্ৰেমৰ বান্ধোনত বান্ধ খাইছিল দুয়োগৰাকী অভিনেতা অভিনেত্ৰী।আৰু অৱশেষত প্ৰেমৰ মাহতেই বিবাহপাশত আবদ্ধ হ’ল দুয়োগৰাকী জনপ্ৰিয় অভিনেতা অভিনেত্ৰী।ৰাজস্থানৰ উদয়পুৰত তেলুগু আৰু কোডাভা দুয়োটা পৰম্পৰাৰে অনুষ্ঠিত কৰা হৈছে এই বিশেষ বিবাহ।এই বিশেষ দিনটোত অনুৰাগীৰ লগতে চিনেমা জগতৰ বন্ধু বৰ্গই শুভেচ্ছা জনালে নৱ বিবাহিত দম্পত্তিক।দুয়োকে সামাজিক মাধ্যমযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বিবাহৰ শুভেচ্ছা জনালে। ছবিজগতত স্বামী-স্ত্ৰীৰ অভিনয়ৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা অভিনেতা-অভিনেত্ৰীহাল বৰ্তমান সামাজিকভাৱে বিবাহ পাশত আৱদ্ধ হ’ল। দুয়োৰে যুগ্ম জীৱন সুখৰ হোৱাৰ কামনা কৰিলে প্ৰতিগৰাকী বন্ধু বৰ্গই।

Wordpress Social Share Plugin powered by Ultimatelysocial