এইবাৰ ই-ৰিক্সা চালকৰ কামনাৰ বলি এগৰাকী ২৪ বছৰীয়া যুৱতী। ৰঙিয়াৰ পৰাই নিজ গৃহলৈ গৈ থকা অৱস্থাত নিৰ্জন ঠাইত আন্ধাৰৰ সুযোগ বুজি যুৱতী গৰাকীক শ্লীলতাহানিৰ চেষ্টা লম্পট চালকৰ। ঘটনা অনুসৰি যুৱতী গৰাকীয়ে ৰঙিয়াৰ কৰ্মস্থলীৰ পৰাই নিজ গৃহ ঈচাদঘৰীয়ালৈ গৈ আছিল। যুৱতী গৰাকীক নিশা অকলে পাই লম্পট চালক গৰাকীয়ে প্ৰসাৱ কৰিবলৈ বুলি পথৰ দাঁতিত ই-ৰিক্সা ৰখাই মুখ বন্ধ কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ ধৃত চালক অনন্ত কলিতাৰ বিৰুদ্ধে।
৫৭ বছৰীয়া লম্পট অনন্ত কলিতাৰ বিৰুদ্ধে যুৱতী গৰাকীয়ে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰে। ইতিমধ্যে যুৱতী গৰাকীৰ এজাহাৰৰ ভিত্তিত ৰঙিয়াৰ আৰক্ষীয়ে আটক কৰে চালক অনন্ত কলিতাক।