ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ নাতিনী কেনে আছে? সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ এগৰাকী নাতিনীৰ স্বাস্থ্যৰ বুজ ল’লে অসম চৰকাৰে। বৰ্তমান কলকাতাৰ নিবাসী অসমীয়া ভাষা-সাহিত্যৰ কাণ্ডাৰী সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নাতিনী ঈৰা ঘোষক সাক্ষাৎ কৰে ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা,উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই।
বৃহস্পতিবাৰৰ দিনটোত কলকাতত উপস্থিত হৈ বড়াই ঈৰা ঘোষৰ স্বাস্থ্যৰ বুজ লয়।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ ক্ৰমে মন্ত্ৰী বড়া কলকাতাৰ বালিগঞ্জৰ এটা এপাৰ্টমেন্টত বসবাস কৰা ৰসৰাজৰ দ্বিতীয় কন্যা ৰত্না বৰুৱাৰ জীয়ৰী ঈৰা ঘোষৰ বাসগৃহত উপস্থিত হয়।
বেজবৰুৱাৰ নাতিনী তথা সমাজ সেৱিকা অশীতিপৰ ঈৰা ঘোষৰ বাসভৱনত উপস্থিত হৈ সাংস্কৃতিক মন্ত্ৰী বড়াই তেখেতৰ সৈতে বহূ সময় অতিবাহিত কৰি তেখেতৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেখেতৰ আশু আৰোগ্য কামনা কৰে। মন্ত্রী বড়াই তেখেতৰ লগতে পৰিয়ালৰ খবৰো লয়।
কথা প্ৰসংগত বেজবৰুৱাৰ নাতিনী গৰাকীয়ে পুত্ৰৰ সৈতে গৈ উৰিষ্যাৰ চম্বলপুৰত থকা লগতে অসম আৰু উৰিষ্যা চৰকাৰৰ পৃষ্ঠপোষকতাত নতুনকৈ সজাই তোলা বাসগৃহটো পৰিদৰ্শন কৰাৰ ইচ্ছা ব্যক্ত কৰে। উল্লেখ্য যে, ৰসৰাজে চম্বলপুৰৰ বাসগৃহটোত প্ৰায় কুৰি বছৰ অতিবাহিত কৰিছিল।
ৰাজ্য চৰকাৰৰ মন্ত্ৰী গৰাকীয়ে অসমবাসীৰহৈ ৰসৰাজৰ নাতিনীয়েক এখনি ফুলাম গামোচা, এখন চেলেং আৰু শৰাইৰে সম্বৰ্দ্ধনা জনায়। মন্ত্ৰী গৰাকী ঈৰা ঘোষৰ বাসভৱনলৈ যাওতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে প্ৰদ্যুৎ কুমাৰ চৌধুৰী আৰু ৰণ্টু ডেকা, সমিতিৰ সদস্য দিপক তালুকদাৰ , সাংস্কৃতিক সঞ্চালকালয়ৰ প্ৰতিনিধি হিচাপে জিতেন কুমাৰ দাস আৰু কলকাতা অসম ভৱনৰ আবাসিক আয়ুক্ত তাপশ দেৱেও সংগ দিয়ে।