Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ক্ৰিকেট প্ৰেমীৰ বাবে ভাল খবৰ। প্ৰকাশ হ’ল আইপিএল ২০২৬ৰ খেলৰ সূচী। ২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব চলিত বৰ্ষৰ আই পি এলৰ খেলসমূহ। ২৮ মাৰ্চৰ পৰা ১২ এপ্ৰিললৈ চলিব আই পি এল ২০২৬ ৰ প্ৰথম পৰ্যায়ৰ খেলসমূহ।

প্ৰথমখন মেচত চিন্নস্বামী ষ্টেডিয়ামত মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ। ২৯ মাৰ্চত দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব মুম্বাইত। মুম্বাই ইণ্ডিয়ানছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত হ’ব এই খেলখন। ৩০ মাৰ্চত তৃতীয়খন মেচ অনুষ্ঠিত হ’ব গুৱাহাটীত। মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছ। ৩১ মাৰ্চত চতুৰ্থখন মেচ হ’ব পঞ্জাব কিংছ আৰু গুজৰাট টাইটানছৰ মাজত। মুল্লানপুৰত অনুষ্ঠিত হ’ব এই মেচখন। এই সময়ত প্ৰায় বিশখন খেল অনুষ্ঠিত হ’ব । ১ এপ্ৰিলত নিউ চণ্ডীগড়ত পঞ্জাব কিংছৰ বিৰুদ্ধে গুজৰাট টাইটানছে খেলিব। বি চি চি আইৰ এক বিবৃতিত কোৱা হৈছে, ‘‘চলিত ছিজনত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে বেংগালুৰুত ৫ খন আৰু ৰায়পুৰত দুখন খেলত অংশগ্ৰহণ কৰিব ৷ পঞ্জাব কিংছে নিউ চণ্ডীগড়ত চাৰিখন ঘৰুৱা মেচ আৰু ধৰমশালাত তিনিখন খেল খেলিব ৷ আনহাতে ৰাজস্থান ৰয়েলছে গুৱাহাটীত তিনিখন আৰু জয়পুৰত চাৰিখন খেল খেলিব ।’’

Wordpress Social Share Plugin powered by Ultimatelysocial