Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

যুগ যুগ ধৰি হাজোৰ পোৰাভিঠা সত্ৰত চলি আহিছে লাড়ু উৎসৱ। এইবেলি লাড়ু উৎসৱত ভক্তক বিতৰণ কৰা হল ৭ লাখ লাখ লাড়ু। বিভিন্ন প্ৰান্তৰ পৰা পোৰাভিঠা সত্ৰৰ প্ৰাংগণত হাজাৰ হাজাৰ ভক্তৰ সমাগম দেখিবলৈ পোৱা গ’ল। আজিৰ দিনটোত জনসমূদ্ৰত পৰিণত হ’ল ৰামদিয়াৰ পোৰাভিঠা সত্ৰ। যুগ যুগ ধৰি চলি আহিছে এই ঐতিহাসিক লাড়ু উৎসৱ।

কেইবাশ বছৰ পূৰ্বে মানৰ আক্ৰমণ চলিছিল পোৰাভিঠা সত্ৰখনত। মানৰ আক্ৰমণত পুৰি ছাঁই হৈছিল সত্ৰখন। তেতিয়াৰে পৰা এই ঐতিহাসিক সত্ৰ খনৰ নাম দিয়া হয় পোৰাভিঠা সত্ৰ। এইবেলি লাড়ু উৎসৱৰ ৪২৭ তম বৰ্ষ। প্ৰতিবছৰে দামোদৰ দেৱৰ তিৰোভাব তিথিৰ লগত সংগতি ৰাখি সত্ৰখনত আয়োজন কৰা হয় লাড়ু উৎসৱ। মুঠতে আজিৰ দিনটোত ঐতিহাসিক পোৰাভিঠা সত্ৰত এক উখল মাখল পৰিবেশ। ১৫ দিন পূৰ্বৰে পৰা সত্ৰৰ স্থানীয় লোক সকলে ২৩৭ কুইণ্টল চাউল ১৬০ কুইণ্টল গুৰেৰে প্ৰস্তুত কৰিছে এই ৭ লাখ লাড়ু।

Wordpress Social Share Plugin powered by Ultimatelysocial