ক’ৰণাৰ পিছত চীনৰ পৰা অহা নতুন ভাইৰাছৰ আতংক। চীনৰ পৰা আহিছে পুনৰ আন এক ভাইৰাছ। যি ভাইৰাছে মূলত মানুহৰ হাওঁফাওঁত প্ৰৱেশ কৰি আক্ৰমণ কৰে। চীনৰ হিউমেন মেটাপনিউমোভাইৰাছৰ ভয়ংকৰ ৰূপ। হিউমেন মেটাপনিউমোভাইৰাছ চমুকৈ HMPV ভাইৰাছে
ইতিমধ্যে চীনত আতংকৰ ৰূপ লৈছে। উশাহ-নিশাহ লোৱাত কষ্ট পোৱাটোৱে HMPV ভাইৰাছৰ লক্ষণ। কাঁহ, জ্বৰ, বুকু বিষ আদিও হ’ব পাৰে HMPV ভাইৰাছৰ লক্ষণ। বৰ্তমানলৈ ভাৰতত ধৰা পৰা নাই এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ভাইৰাছৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু ভাৰত চৰকাৰ