পেহলগামত সংঘটিত হোৱা ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতেই উতলি আছে ১৪০ কোটি ভাৰতীয়। প্ৰতিগৰাকী ভাৰতীয়ই প্ৰতিশোধ বিচাৰিছে। দেওবাৰে ‘মন কি বাত’ অনুষ্ঠানৰ আৰম্ভণিতেই প্ৰধানমন্ত্ৰী মোদীয়ে পেহলগামৰ আক্ৰমণক গৰিহণা দিয়ে। পেহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা উল্লেখ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে সন্ত্ৰাসবাদীক কঠোৰ সকিয়নী প্ৰদান কৰে। ‘মন কি বাত’ অনুষ্ঠানৰ প্ৰথম ৬ মিনিটত পেহলগামৰ বিষয়ে মন্তব্য কৰে মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিব। প্ৰতিগৰাকী ভাৰতীয়ই মৃতকৰ পৰিয়ালৰ কাষত থিয় দিছে। এয়া কেৱল পৰ্যটকৰ ওপৰত কৰা আক্ৰমণেই নহয়,এয়া আমাৰ দেশৰ আত্মাৰ ওপৰত কৰা ভয়ংকৰ আক্ৰমণ। কোনোৱে যদি নিজৰ পুত্ৰ, কোনোৱে ভাতৃ আৰু কোনোৱে স্বামীক হেৰুৱাইছে। সন্ত্ৰাসবাদীক শিপাৰ পৰা নিৰ্মূল কৰা হ’ব। মোৰ ওপৰত বিশ্বাস ৰাখক দেশবাসীয়ে। সমগ্ৰ বিশ্বই একত্ৰিত হৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতক সমৰ্থন কৰিব।