বাংলাদেশত বিগত এমাহৰো অধিক কাল ছাত্ৰ সংগঠনৰ নেতৃত্বত সংৰক্ষণ বিৰোধী এক বিশেষ আন্দোলন চলি আছিল। যথেষ্ট হিংসাত্মক হোৱা এই আন্দোলন কাৰ্যত সোমাবাৰে অন্ত পৰিল কিয়নো ৫ আগষ্ট তাৰিখে দেশখনৰ পৰা প্ৰধানমন্ত্ৰীৰ পদটো পদত্যাগ কৰি তেওঁ পলায়ন কৰিবলৈ বাধ্য হয়। এতিয়া তেওঁ ভাৰতৰ আলহী। দীৰ্ঘসময় ভাৰতৰে সু-কূটনৈতিক সম্পৰ্ক বজাই ৰখা শ্বেখ হাছিনাৰ নিজ দেশৰ পৰা উচ্ছেদিত হৈ ভাৰতৰ আশ্ৰয় ল’বলৈ বাধ্য হৈ পৰিল। বংগ বন্ধু শ্বেখ মজিবুৰ ৰহমানৰ কন্যা শ্বেখ হাছিনাৰ ৰাজনৈতিক উত্থান পতনৰ বিষয়ে জানো আহক?
১৯৪৭ চনত জন্মগ্ৰহণ কৰা ৭৬ বছৰীয়া শ্বেখ হাছিনা বিৰোধীৰ দ্বাৰা বৰ্জিত নিৰ্বাচনত বিগত জানুৱাৰী মাহত চতুৰ্থবাৰৰ বাবে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল। শ্বেখ হাছিনাৰ বাবে এই চতুৰ্থ কাৰ্যকাল সুখৰ নাছিল।
২০০৮ চনত আৱামী লীগে খালেদা জীয়াৰ চৰকাৰক ক্ষমতাচ্যুত কৰি শ্বেখ হাছিনা যি প্ৰধানমন্ত্ৰী হৈছিল সেয়া ২০২৪ চনৰ ৫ আগষ্টলৈ বৰ্তি আছিল। তেওঁ বিশ্বৰ সৰ্বাধিক সময় শাসনত থকা মহিলা প্ৰশাসক হয়। ইন্দিৰা গান্ধী বা ইংলেণ্ডৰ মাৰ্গাৰেট থেছাৰকো তেওঁ অতিক্ৰম কৰি থৈছে।
১৯৮১ চনৰ পৰা আৱামী লীগ দলৰ নেতৃত্বত থকা শ্বেখ হাছিনাই ১৯৯৬ চনৰ পৰা ২০০১চনলৈ প্ৰধানমন্ত্ৰী হিচাৰে দায়িত্বত আছিল। শ্বেখ হাছিনাৰ প্ৰথম কাৰ্যকালত তেওঁ গ্ৰহণ কৰা নীতিয়ে দেশত জনপ্ৰিয়তা অৰ্জন কৰিছিল। বৈদেশিক পুঁজি অনাৰ ক্ষেত্ৰত বা অৰ্থনীতিক শিথিল কৰি শ্বেখ হাছিনাই দেশত অৰ্থনৈতিক বিপ্লৱ আনিছিল।
স্কুলৰ শিক্ষাৰ্থীক বিনামূলীয়া পাঠ্যপুথি বিতৰণ আঁচনি তথা স্বাস্থ্য খণ্ডত লোৱা আঁচনিবোৰেও যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল।
শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী হিচাপে জামাত-ই-ইছলামী পাৰ্টীৰ বিৰুদ্ধে লোৱা কঠোৰ স্থিতি তথা বিৰোধী নেতাৰ প্ৰতি লোৱা স্থিতিয়ে তেওঁক শলঠেকত পেলাবলৈ আৰম্ভ কৰিছিল।
১৯৭৫ চনত আততায়ীৰ গুলিত ৰাষ্ট্ৰপতি তথা হাছিনাৰ পিতৃ শ্বেখ মুজিবুৰ ৰহমান নিহত হোৱাৰ লগতে তেওঁৰ মাতৃ আৰু তিনি ভ্ৰাতৃও মৃত্যুমুখত পৰিছিল।অৱশ্যে শ্বেখ হাছিনা আৰু তেওঁৰ ভগ্নী শ্বেখ ৰেহানা সেই সময়ত বিদেশত আছিল বাবেই তেওঁলোক ৰক্ষা পৰিছিল। উল্লেখ্য যে ২০০৪ চনতো শ্বেখ হাছিনাৰ ওপৰত গ্ৰেনেড আক্ৰমণ চলিছিল।
শেহতীয়াকৈ দেশত হোৱা গণ অভ্যুত্থানৰ আঁৰত সমালোচকে অভিযোগ কৰি কয় যে শ্বেখ হাছিনাই ক্ষমতাৰ লোভত স্বৈৰাচাৰী হৈ পৰাৰ ফলতেই আজি দেশৰ পৰা উচ্ছেদিত হ’বলগীয়া পৰিস্থিতৰ সৃষ্টি হৈছে। এতিয়া পৰৱৰ্তী পৰ্যায়ত ভাৰতৰ সৈতে সুসম্পৰ্ক থকা শ্বেখ হাছিনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি পদক্ষেপ গ্ৰহণ কৰে বা ভাৰত-বাংলাদেশৰ সম্পৰ্কক লৈ কি স্থিতি গ্ৰহণ কৰে সেয়া হৈ পৰিব গুৰুত্বপূৰ্ণ।