বুধবাৰে মহানগৰীত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হয় ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰিঞ্চি দাসৰ ।মহানগৰীৰ গেম ভিলেজৰ সন্মুখত সংঘটিত হৈছিল ভয়ংকৰ দুৰ্ঘটনাটো। এখন ছুইফট ডিজায়াৰ বাহনৰ খুণ্ডাত মৃত্যু আৰক্ষী বিষয়া গৰাকীৰ।দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বিষয়াগৰাকী নিজৰ দুচকীয়া বাহনত গৈ আছিল। ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে পূৰ্বে যোৰাবাট, পাণবজাৰ আৰক্ষী থানাত কৰ্মৰত আছিল বিৰিঞ্চি দাস। মাতৃৰ বিয়োগৰ পাছতেই ১মাহ ছুটিত আছিল oc বিৰিঞ্চি দাস। বৃহস্পতিবাৰে পুনৰ চাকৰিত join কৰাৰ কথা আছিল আৰক্ষী বিষয়াজন। কিন্তু নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস পুনৰ চাকৰিত join কৰাৰ এদিন পূৰ্বে অৰ্থাৎ বুধবাৰে নিশা প্রায় ডেৰ মান বজাত এক ভয়ংকৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিয়ে oc বিৰিঞ্চি দাসৰ। কৰ্ম নিষ্ঠাবান তথা সাহসী আৰক্ষী বিষয়াগৰাকীৰ অকস্মাৎ বিয়োগত এতিয়া শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে কৰ্মস্থলিৰ সকলো কৰ্মচাৰী।