Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

জৰায়ুৰ নিম্ন অংশত হোৱা বা চাৰ্ভাইকেল কেন্সাৰ (cervical cancer)আৰু স্তন কেন্সাৰ খুউব সঘনাই উচ্চাৰিত হোৱা বিষয়। এই দুইবিধ কেন্সাৰ ভাৰতবৰ্ষত ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থানত আছে মহিলাৰ কেন্সাৰৰ ক্ষেত্ৰত। পশ্চিমীয়া দেশত স্তন কেন্সাৰ সবাতোকৈ বেছি । যেনে প্ৰতি ৮ গৰাকী মহিলাৰ বিপৰীতে এগৰাকী স্তন কেন্সাৰত আক্ৰান্ত হয়। ভাৰতত প্ৰথম অৱস্থাত জৰায়ুৰ নিম্নাংশৰ কেন্সাৰ ১ ম স্থানত আছিল আৰু লাহে লাহে স্তন কেন্সাৰে এই স্থান অধিকাৰ কৰিলে। দিল্লী, মুম্বাই, চেন্নাই আদি চহৰত আনকি ২০১০ চনৰ পৰা প্ৰকাশ পোৱা সমীক্ষাত ডিব্ৰুগড়ৰ দৰে জিলাতো স্তন কেন্সাৰ ৰোগীৰ সংখ্যা যথেষ্ট বুলি জানিব পৰা গ’ল। ২০১৪ চনৰ সমীক্ষাত উত্তৰ-উৰ্বাঞ্চলত সৰ্বাধিক কেন্সাৰৰ তথ্য ধৰা পৰিছে।

কেনেকৈ নিজক ৰক্ষা কৰিব পাৰি জানক

কেন্সাৰ লক্ষণসমুহে শৰীৰত দেখা দিয়াৰ আগতেই কিছুমান পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা অস্বাভাৱিক কোষৰ অৱস্থিতি স্থাৱৰ বা সন্দেহ কৰিব পাৰি। তেতিয়া তাৰ উপযুক্ত চিকিৎসাৰ দ্বাৰা সম্পুৰ্ণ আৰোগ্য কৰা সম্ভৱ হৈ পৰে। গৱেষণাৰ দ্বাৰা প্ৰমাণ হ’ল যে এই দুইবিধ কেন্সাৰ, স্তন আৰু চাৰ্ভাইকেল- স্ক্ৰীনিং পৰীক্ষাৰ দ্বাৰা ধৰা পেলাই চিকিৎসাৰ দ্বাৰা আৰোগ্য সম্ভৱ হৈছে আৰু মৃত্যুৰ হাৰ হ্ৰাস কৰাত সহায় কৰিছে।

স্তন কেন্সাৰত মেম’গ্ৰাফি নামৰ ৰেডিঅ’লজিকেল পৰীক্ষাৰ পিছত বায়’পচি পৰীক্ষাৰ দ্বাৰা নিৰ্ণয় কৰিব পৰা যায়। এই পৰীক্ষাৰ জৰিয়তে অতি প্ৰাৰম্ভিক পৰ্যায়তে ধৰা পৰাৰ ফলত চিকিৎসা সহজ হৈ পৰে। সজাগ হৈ থাকি, চিকিৎসা বিগানৰ পৰীক্ষাৰ সহায় লৈ প্ৰাৰম্ভিক অৱস্থাতে বেমাৰটো ধৰা পেলাই সম্পুৰ্ণ আৰোগ্য কৰাটো সম্ভৱ হয়।

উদাহৰণস্বৰুপে মোৰ সহকৰ্মীৰ মাতৃৰ কেন্সাৰ ধৰা পৰিছিল শুন্য স্তৰত ফলত তেওঁ সম্পুৰ্ণ সুস্থ হৈছিল। চিকিৎসাৰ সুবিধা আৰু ৰোগৰ গুৰুত্ব বুজাবলৈ স্তৰ বা ষ্টেজ হিচাপত শ্ৰেণীবিভক্ত কৰা হয়। যেনে স্তৰ ০,১,২,৩,৪ আৰু উপ-বিভাজন আছে। উল্লিখিত মহিলাগৰাকীৰ পিছত মৃত্যু হ’ল বৃক্কৰ বেমাৰত, স্তন কেন্সাৰত নহয়।

মেম’গ্ৰাফি স্ক্ৰীনিং কৰিবলৈ যি আমেৰিকান কেন্সাৰ চছাইটিৰ নিৰ্দেশনাৱলী আছে, সেয়া প্ৰস্তুত হৈছে তেওঁলোকৰ দেশৰ মহিলাৰ অধ্যয়নৰ ওপৰত ভিত্তি কৰি। কিন্তু তাত কেন্সাৰ আক্ৰান্ত হোৱা গড় বয়স ৬০ বছৰ উৰ্দ্ধত, গতিকে ৪০ বছৰৰ পৰা সম্ভৱ হ’লে আৰম্ভ কৰিবলৈ বুলি নিৰ্দেশ দিছে আৰু ৪৫ বছৰৰ পৰা ৫৫ বছৰলৈ বছৰত এবাৰকৈ মেম’গ্ৰাফি কৰাৰ বাবে পৰামৰ্শ দিছে। আমাৰ ভাৰত তথা উত্তৰ-পুবত ৩৫-৪৫ বছৰৰ ভিতৰত সৰ্বাধিক এই ৰোগত আক্ৰান্ত হয়। গতিকে আমাৰ দেশত মেম’গ্ৰাফিৰ বয়স ৩০ বছৰৰ পৰাই আৰম্ভ কৰিব পাৰি আৰু যিসকলৰ পৰিয়ালত স্তন বা ডিম্বকোষৰ কেন্সাৰ হৈছে, তেখেতসকলে তাতোকৈ কম বয়সতে সজাগ হোৱাটো প্ৰয়োজন।

এই কেন্সাৰৰ সম্ভাৱনীয়তা কিছুমান পৰিস্থিতিত বেছিকৈ দেখা যায়। তেনে পৰিস্থিতি বা কাৰকবোৰ বেছিভাগ ক্ষেত্ৰতে এৰাই চলিব নোৱাৰাৰ ফলস্বৰুপে মহিলাসকলে নিয়মিত পৰীক্ষা কৰাই থকাটোৱেই সকলোতকৈ গুৰুত্বপুৰ্ণ। প্ৰথম আৰু প্ৰধান কাৰক হৈছে হিউমেন পেপিলমা নামৰ ভাইৰাছৰ আক্ৰমণ। ভাইৰাছৰ বহুবোৰ প্ৰকাৰ আছে আৰু তাৰে ১৬,১৮,৩১,৩৩,৪৫ আদিয়ে মুলত: কেন্সাৰ কৰে বুলি প্ৰমাণ হৈছে। এই ভাইৰাছৰ আক্ৰমণৰ সময়ত বেলেগ কোনো লক্ষণ নাথাকে, গতিকে পৰীক্ষা কৰাৰ বাদে আৰু বেলেগ উপায় নাই। তাৰ বাদেও ধঁপাত হোঁপাৰ পৰা আৰম্ভ কৰি গৰ্ভনিৰোধক পিল, বিশেষ এবিধ হৰম’ন ব্যৱহাৰ বা পৰিয়ালত থকা ৰোগীৰ নিকটাত্মীয় মহিলাসকলৰ এনে কেন্সাৰ হোৱা সম্ভাৱনা কিছু অধিক বুলি অধ্যয়নত পোৱা গৈছে। এইখিনিতে কৈ থোৱা ভাল যে পুৰুষৰ ক্ষেত্ৰতো এইবিধ ভাইৰাছে কেন্সাৰ কৰিব পাৰে। এতিয়া পুৰুষ- মহিলা উভয়ৰে বাবে ছিটা আৱিষ্কাৰ হৈছে। তিনি ধৰণৰ ছিটাৰ এবিধ কেৱল ৯-১৪ বয়সৰ ছোৱালীৰ বাবে, দুবিধ ল’ৰা-ছোৱালী উভয়ৰে বাবে।

Wordpress Social Share Plugin powered by Ultimatelysocial