Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

বহুতে মুখ বা শৰীৰৰ অন্যান্য অংগৰ যত্ন লয়। কিন্তু ভৰিৰ ক্ষেত্ৰত মিত্ৰতা অৱহেলিত। বহুতে ভৰিৰ প্ৰতি গুৰুত্ব নিদিয়ে। কিন্তু ভৰিৰ ফালে চাই শৰীৰত ৰোগৰ লেখ-জোখ কেনেকৈ বিচাৰি উলিয়াব জানো আহক।

মুখখনেই হৈছে মনৰ দাপোন। মুখখন চাই মনটো পঢ়িব পাৰি। কিন্তু আপুনি জানেনে যে ভৰিকেইটা চাইও শৰীৰৰ ৰোগ সমুহ নিৰ্ণয় কৰিব পাৰি ।

ভৰিত ঘা দেখা পালে। আৰু সেই ঘাঁটো চিকিৎসা কৰি ভাল কৰিব পৰা নাই। বহু কাম কৰিও সংক্ৰমণ পুনৰ আহি থাকে। যদি তেনেকুৱা হয় তেতিয়া আপুনি বুজিব যে আপোনাৰ ডায়েবেটিছ আছে। অৰ্থাৎ আপোনাৰ তেজত চেনিৰ মাত্ৰা বৃদ্ধি পাইছে।

যদি আপোনাৰ ভৰিৰ খজুৱতি হয়। আৰু এটা বাছ ওলাই আহে। তেতিয়া বুজিব যে শৰীৰত ভেঁকুৰৰ সংক্ৰমণ হৈছে।

আপোনাৰ ভৰি ফুলিছে নেকি? ভৰিবোৰ সকলো সময়তে ঠাণ্ডা হৈ থাকে নেকি ? যদি আপুনি এনে সমস্যাৰ সন্মুখীন হৈছে তেন্তে ইয়াক আওকাণ নকৰিব। এইটো হৃদযন্ত্ৰৰ সমস্যাৰ লক্ষণ হ’ব পাৰে।

বয়স বাঢ়ি অহাৰ বাবেই আঁঠুৰ বিষ নহয়। এই সমস্যা যুৱক-যুৱতীসকলৰ ক্ষেত্ৰতো দেখা যায়। যদি আপুনি সঘনাই ভৰি আৰু গোৰোহাৰ বিষ অনুভৱ কৰে তেন্তে ইউৰিক এচিডৰ মাত্ৰা পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ।
ভৰিৰ ধাৰাবাহিক বিষৰ কাৰণ হাইপোথাইৰয়ডিজমৰ লক্ষণ হ’ব পাৰে। শৰীৰত থাইৰয়ডৰ মাত্ৰা বিঘ্নিত হ’লে এনে সমস্যাৰ সৃষ্টি হ’ব পাৰে।

ভৰি সদায় ঠাণ্ডা হৈ থাকে নেকি? যদি এই সমস্যা সঘনাই হয় তেন্তে হিম’গ্লবিনৰ মাত্ৰা জুখিব লাগে। ৰক্তহীনতাই ভৰিৰ ৰক্ত সঞ্চালন হ্ৰাস কৰে। তেতিয়া ভৰি দুখন ঠাণ্ডা হৈ পৰে।

Wordpress Social Share Plugin powered by Ultimatelysocial