Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

ৰিয়ান পৰাগে ভাৰত-জিম্বাবৱেৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচতে ৩ বলত মাত্ৰ ২ ৰান কৰিয়েই পেভিলিয়নলৈ উভতি যায়৷ আজিৰ পৰা আৰম্ভ ভাৰত-জিম্বাবৱেৰ পাঁচদিনীয়া টি-২০ শৃংখলা আৰম্ভ হৈছে। জিম্বাবৱেৰ ৰাজধানী হাৰাৰেত অনুষ্ঠিত হোৱা আজিৰ প্ৰথমখন মেছত টছত জিকি ভাৰতে বলিং কৰাৰ সিদ্ধান্ত লয়।

জিম্বাবৱেই ১১৬ ৰানৰ লক্ষ্য বান্ধি দিয়ে ভাৰতক। উল্লেখ্য যে আই পি এলত ৰিয়ান পৰাগে ১৫খন খেলত ৫৭৩ ৰান সংগ্ৰহ কৰিছিল। তেওঁ ভাল ফৰ্মৰ বাবেই ৰাষ্ট্ৰীয় দলত যোগদানৰ সুযোগ পাইছিল।

আজিৰে পৰা ভাৰত আৰু জিম্বাবৱেৰ মাজত অনুষ্ঠিত হৈছে ৫খন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ। দ্বিতীয়খন মেচ দেওবাৰে অনুষ্ঠিত হ’ব। তৃতীয় মেচ অনুষ্ঠিত হ’ব ১০ জুলাইত, চতুৰ্থ মেচ অনুষ্ঠিত হ’ব ১৩ জুলাইত। ৰিয়ানে ২ ৰান কৰি পেভিলিয়নলৈ ওভতি যোৱাত তেওঁৰ অনুৰাগীসকল হতাশ হৈছে৷

Wordpress Social Share Plugin powered by Ultimatelysocial