Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

এটা খবৰক লৈ মুহুৰ্ততেই সকলোতে হৈ চৈ লাগিল।খবৰ আহিল যে ভাৰতৰ পৰা যোৱা বিমানত আছে সন্ত্ৰাসবাদী।লগে লগেই তৎপৰ হৈ পৰিল সেনা,চোৰাংচোৱা সংস্থা।এলাৰ্ট জাৰি হল বিমান বন্দৰত।ঘটনাৰ স্থান চেন্নাই বিমান বন্দৰ,চেন্নাইৰ পৰা শ্ৰীলংকাৰ কলম্বোলৈ উৰা মাৰিছিল বিমানখন। বিমানত আছিল শতাধিক যাত্ৰী। বিমানখন উৰণৰ কিছু সময়ৰ পিছতেই চেন্নাই বিমান বন্দৰলৈ এটা মেইল আহিল। দাবী কৰিলে যে কলম্বোলৈ যোৱা বিমানত আছে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী। হুৱাদূৱা লাগিল বিমান বন্দৰত,খবৰ দিয়া হ’ল কলম্বো প্ৰশাসনক।বিমান অৱতৰণৰ লগে লগেই কলম্বো বিমান বন্দৰত আৰম্ভ তালাচী।পাকিস্তানী সন্ত্ৰাসবাদীৰ সন্ধানত তালাচী চলিল বিমানত।পেহেলগাম কাণ্ডৰ সন্ত্ৰাসবাদী যোৱাৰ সন্দেহ হৈছিল বিমানত। পিছে কোনো সন্দেহজনক লোকক পোৱা নগল বুলি খবৰ আহিছে। এতিয়া মেইল টোকলৈ চলিছে তদন্ত।

Wordpress Social Share Plugin powered by Ultimatelysocial