ৰাজধানী দিল্লীত AQIৰ ভয়াৱহ ৰূপ। শীতৰ আগমনৰ লগে লগে ভয়াৱহ হাৰত বৃদ্ধি পাইছে বায়ু প্ৰদূষণ। উশাহ- নিশাহৰ সমস্যাৰ লগতে জন স্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে এই প্ৰদূষণে। প্ৰতিদিনেই বৃদ্ধি পাবলৈ ধৰিছে দিল্লীৰ প্ৰদূষণৰ মাত্ৰা ৷ মাস্ক নহ’লে ওলাই যাব নোৱাৰা অৱস্থা হৈছে ৰাজধানী দিল্লীত। ক’লা ধোৱা-কুঁৱলীয়ে আৱৰি ধৰিছে ৰাজধানী দিল্লীৰ আকাশ-বতাহ। সমগ্ৰ চহৰ যেন এতিয়া ৰেডজ’নত পৰিণত হৈছে। অতি ভয়ংকৰ পৰিস্থিতিলৈ আগবাঢ়িছে চহৰখন।

বায়ু প্ৰদূষণেৰে যেন বিশ্বত কুখ্যাতি অৰ্জন কৰিছে দিল্লীয়ে। এতিয়া যেন বিপজ্জনক মাত্ৰাত উপনীত হৈছে দিল্লীৰ AQI। উশাহ ল’বলৈও চিন্তা কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে দিল্লীবাসী। সাৱধান নহ’লে বহুতো বিপদৰ সন্মুখীন হ’ব পাৰে দিল্লীৰ জনতা। উশাহ ল’বলৈও বিশুদ্ধ বায়ু বিচাৰি হাহাকাৰ কৰিছে এতিয়া দিল্লীবাসীয়ে৷ এই বায়ু প্ৰদূষণে ভাবুকি মাতিছে মানুহৰ স্বাস্থ্যৰ প্ৰতিও৷ মুঠৰ ওপৰত দিল্লী এতিয়া জীৱকূলৰ প্ৰতি এক ভাবুকিৰ নাম হৈ পৰিছে। বিষাক্ত বতাহে সকলোকে শংকিত কৰি তুলিছে। ইয়াৰোপৰি শ্বাস প্ৰস্বাসজনিত ৰোগ থকা সকলৰ বাবে ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে এই প্ৰদূষণে।