Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

আকৌ বৃদ্ধি পাইছে কভিড আক্ৰান্তৰ সংখ্যা।ঘূৰি আহিব নেকি পুৰণি বিভীষিকাময় পৰিৱেশ?শেহতীয়াকৈ এই প্ৰশ্নৰ অৱতাৰণা হৈছে কিয়নো দ্ৰুতগতিত বৃদ্ধি পাইছে কভিড আক্ৰান্তৰ সংখ্যা।হংকং,চিংগাপুৰত ধৰা পৰিছে নতুন কভিড ৰোগী।এছিয়াৰ কেইবাখনো দেশত বৃদ্ধি কভিড ৰোগী। হংকঙত প্ৰায় ৩১ গৰাকী কভিড ৰোগী চিনাক্ত হোৱাৰ পিছতেই জাৰি কৰা হৈছে এলাৰ্ট। হংকঙৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি কভিডৰ পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিবলৈ কোৱা হৈছে। সমান্তৰালভাৱে প্ৰয়োজনীয় সাৱধানতা অৱলম্বনৰো নিৰ্দেশ দিয়া হৈছে। চিংগাপুৰতো কভিড ৰোগী ধৰা পৰাৰ পিছতেই হাহাকাৰ লাগিছে বিশ্বত। প্ৰশ্ন উঠিছে আকৌ ভয়ংকৰ ৰূপ ল’ব নেকি কভিডে?

Wordpress Social Share Plugin powered by Ultimatelysocial