Sach – The Reality

Northeast India's First Multilingual Foremost Media Network

Northeast India's First Multilingual Foremost Media Network

বৰ্তমান সময়ত যুৱ সমাজৰ মাজত তীব্ৰ ভাৱে বৃদ্ধি পাইছে উশৃংখলতা।নৈতিকতাৰ অভাৱে যুৱ প্ৰজন্মক বিশৃংখল কৰি তুলিছে যাৰ ফলত সঘনাই দেখা পোৱা যায় হত্যা,হিংসা আৰু বৰ্বৰতা।

আজিকালি যুৱ সমাজৰ এচাম ড্ৰাগছৰ আসক্তিত ভুগিছে।নৱ প্ৰজন্মৰ এই প্ৰবণতাই সমাজখনক অৱনতিৰ দিশতহে আগুৱাই লৈ গৈছে।আধুনিকতাৰ পথত দেশখন যিমানেই আগবাঢ়ি গৈছে সিমানেই যুৱ সমাজৰ মাজত নৈতিকতাৰ অভাৱে দেখা দিছে।

ম’বাইলত অশ্লীল সামগ্ৰী সহজে উপলব্ধ হোৱাৰ বাবে অত্যধিক হাৰত ম’বাইল ফোনৰ ব্যৱহাৰে নৱপ্ৰজন্মৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত বাধা হৈ থিয় দিছে।

দেশত সঘনাই এনে কিছুমান ঘটনা সংঘটিত হয়,যি প্ৰতিগৰাকী লোকৰ গা নোম শিয়ঁৰি তুলে।

এনে উশৃংখলতা ৰোধ কৰিবলৈ প্ৰয়োজন আছে এক সুস্থ ঘৰুৱা পৰিবেশ,উপযুক্ত বাতাবৰণ,মাক-দেউতাকৰ বন্ধুত্বসুলভ আচৰণ, শিক্ষাগুৰুৰ সঠিক দিকদৰ্শন আৰু প্ৰকৃত বন্ধু।

Wordpress Social Share Plugin powered by Ultimatelysocial