ভাৰতীয় মূলৰ ব্ৰিটিছ প্ৰধানমন্ত্ৰী তথা কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা ঋষি সুনাকে নিজৰ পৰাজয় মানি লৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুনকক অভিনন্দন জনায়। তেওঁ কয় যে ইউ.কেত আপোনাৰ প্ৰশংসনীয় নেতৃত্ব আৰু কাৰ্যকালত ভাৰত আৰু ব্ৰিটেইনৰ সম্পৰ্ক গভীৰ কৰাৰ ক্ষেত্ৰত ঋষি সুনকক তেওঁৰ সক্ৰিয় অৱদানৰ বাবে ধন্যবাদ জনায়। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ঋষি সুনকক আৰু তেওঁৰ পৰিয়ালক ভৱিষ্যতৰ বাবে শুভকামনা জনায়।
শেহতীয়াকৈ সমাপ্ত হোৱা ব্ৰিটেইনৰ নিৰ্বাচনৰ ফলাফলত ব্ৰিটিছ প্ৰধানমন্ত্ৰী তথা কনজাৰ্ভেটিভ পাৰ্টিৰ নেতা ঋষি সুনাকে নিজৰ পৰাজয় মানি লৈছে। তেওঁ লেবাৰ পাৰ্টিৰ নেতা কিয়ৰ ষ্টাৰমাৰক এই জয়ৰ বাবে অভিনন্দন জনাইছে। তেওঁ কয়, ‘ব্ৰিটিছ জনসাধাৰণে এটা মৰ্যাদাপূৰ্ণ সিদ্ধান্ত লৈছে। ইয়াৰ পৰা বহু কথা শিকিব লাগিব। পৰাজয়ৰ দায়িত্ব মই লওঁ। অৱশ্যে ইয়ৰ্কশ্বাৰৰ ৰিচমণ্ডৰ আসনখন অক্ষুণ্ণ ৰাখিছে ঋষি সুনাকে।
২০১৯ চনৰ নিৰ্বাচনত কনজাৰ্ভেটিভ পাৰ্টিয়ে লাভ কৰিছিল ৩৬৪খন আসন।
২০১৯ চনৰ ব্ৰিটেইনৰ নিৰ্বাচনত কনজাৰ্ভেটিভ পাৰ্টিয়ে ৬৫০খন আসনৰ সংসদত ৩৬৪খন আসন লাভ কৰিছিল আৰু বৰিছ জনছন প্ৰধানমন্ত্ৰী হৈছিল। অৱশ্যে যোৱাবাৰৰ তুলনাত ৪৭খন আসন লাভ কৰিছিল। কিন্তু এইবাৰ পৰিস্থিতি সম্পূৰ্ণ বিপৰীত। ১৪ বছৰৰ পাছত ব্ৰিটেইনত পুনৰ ক্ষমতালৈ লেবাৰ পাৰ্টি।