পেহেলগামৰ ঘটনাৰ পিছতেই কঠোৰ ভাৰতীয় সেনা।বিচাৰি, বিচাৰি সন্ত্ৰাসবাদীৰ ঘৰ উৰুৱাই দিলে সেনাই।ধাৰাবাহিক ভাৱে সন্ত্ৰাসবাদ বিৰোধী অভিযান ভাৰতীয় সেনাৰ।আকৌ সন্ত্ৰাসবাদীৰ ঘৰ ভাঙি পেলালে ভাৰতীয় সেনাই। অদনান ছাফী,আমিৰ নাজী,জামিল আহমেদ নামৰ ৩ সন্ত্ৰাসবাদীৰ ঘৰ ভাঙিলে সেনাই।
৩ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ ঘৰ বিচাৰি ভাঙিলে সেনাই।সন্ত্ৰাসবাদী কেইটা লস্কৰ-ই-তৈবা নামৰ সংগঠনৰে জড়িত থকা বুলি দাবী। পেহেলগামৰ উত্তেজনাৰ মাজতে এটা খবৰক লৈ চৰ্চা। খবৰ অনুসৰি পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ তদন্ত কৰিব NIA-ই ।আনুষ্ঠানিকভাৱে NIA ক তদন্তৰ দায়িত্ব।গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশৰ পাছতেই সাজু NIA।প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনালে NIA এ।