সাধাৰণতে কুকুৰা আৰু পশুধনৰ বাৰ্ড ফ্লুৰ সংক্ৰমণ হয়। কিন্তু শেহতীয়াকৈ বাৰ্ড ফ্লুৰ সংক্ৰমণ আৰু মানুহৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে। এই খবৰটো নিশ্চিত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। স্বাভাৱিকতে এতিয়া এইটো চিন্তাৰ বিষয় হৈ পৰিছে।
বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি মেক্সিকোত বাৰ্ড ফ্লুত আক্ৰান্ত হৈ ৫৯ বছৰীয়া এজন লোকৰ মৃত্যু হয়। ব্যক্তিজন H5N2 ষ্ট্ৰেইনত আক্ৰান্ত হৈছিল। যদিও তেওঁৰ কোমৰবিডিটি আছিল। অৱশ্যে মৃত্যুৰ কাৰণ বাৰ্ড ফ্লু বুলি কোৱা হৈছে। জনা যায় যে এই ৰোগৰ বাবে মানুহৰ মৃত্যুৰ এইটোৱেই প্ৰথম।
আমেৰিকাৰ চিডিচিৰ তথ্য অনুসৰি মেক্সিকোৰ লোকজন ২৩ মে’ত আক্ৰান্ত হৈছিল। প্ৰথমতে তেওঁ বুজি পোৱা নাছিল যে তেওঁ এই ৰোগত আক্ৰান্ত। পিছত লক্ষণবোৰ বেছি বেয়া হৈ পৰে আৰু ৫ জুনত তেওঁৰ মৃত্যু হয়। চিডিচিৰ তথ্য অনুসৰি কোনো ব্যক্তিৰ পৰা ব্যক্তিলৈ এই ভাইৰাছৰ সংক্ৰমণ হোৱা নাই। কিন্তু এই ব্যক্তিজন মানুহৰ পৰা সংক্ৰমিত হৈছে নে চৰাইৰ পৰা সংক্ৰমিত হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
চিডিচিয়ে বাৰ্ড ফ্লু সন্দৰ্ভত সকীয়াই দি কয় যে এই ৰোগ ক’ৰ’নাতকৈ বহুগুণ বেছি বিপজ্জনক। ইয়াৰ মৃত্যুৰ হাৰো Covid ৰ তুলনাত অধিক। যদি ইয়াৰ সংক্ৰমণ মানুহৰ ক্ষেত্ৰত হয় তেন্তে ই মাৰাত্মক হ’ব পাৰে। গতিকে এতিয়াৰ পৰা সাৱধান হোৱাটো প্ৰয়োজন।
ভাৰততো সতৰ্কবাণী জাৰি কৰা হৈছে
ভাৰত চৰকাৰে বাৰ্ড ফ্লু সন্দৰ্ভত গাইডলাইন জাৰি কৰে। ৰাজ্যসমূহক ক’ভিড-১৯ক লৈ সজাগ হ’বলৈ কোৱা হৈছে। সকলো ৰাজ্যকে চৰাই আৰু কুকুৰাৰ মৃত্যুৰ ওপৰত নজৰ ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে। হাঁহ-কুকুৰা পামত কাম কৰাসকলকো সাৱধান হ’বলৈ কোৱা হৈছে। ইয়াৰ পূৰ্বেও ভাৰতত বাৰ্ড ফ্লুৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। কিন্তু এই ৰোগ মানৱ দেহত সংক্ৰমণৰ কোনো তথ্য পোৱা নাই।
মহামাৰী বিজ্ঞানী ডা. অজয় কুমাৰে কয় যে মানুহক বাৰ্ড ফ্লুত সংক্ৰমিত কৰাটো অতি কঠিন যদিও মেক্সিকোত ব্যক্তিজনৰ মৃত্যু চিন্তাৰ কাৰণ। যোৱা কেইবছৰমানৰ পৰা সমগ্ৰ বিশ্বতে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। চৰাইৰ বাহিৰেও এতিয়া এই ভাইৰাছ গৰু আৰু আন কিছুমান জীৱ-জন্তুলৈ বিয়পি পৰিছে। এইবাৰ মানুহৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। এতিয়াৰ পৰা সাৱধান নহ’লে বিপদজনক হ’ব পাৰে। গতিকে এই ভাইৰাছত আক্ৰান্ত হোৱাৰ লক্ষণ আৰু প্ৰতিৰোধৰ বিষয়ে জানিব লাগিব।
বাৰ্ড ফ্লুৰ সংক্ৰমণৰ লক্ষণসমূহ কি কি?
বাৰ্ড ফ্লুত আক্ৰান্ত হ’লে উচ্চ জ্বৰ, মূৰৰ বিষ, পেশীৰ বিষ, উশাহ-নিশাহৰ কষ্ট, কঁপনি আদি লক্ষণ দেখা দিব।
বাৰ্ড ফ্লুৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব পাৰি?
১) আক্ৰান্ত চৰাই আৰু হাঁহ-কুকুৰাৰ ওচৰলৈ নাযাব।
২) ভালকৈ সিজোৱা মাংস খাব লাগে।
৩) সিজোৱা আৰু কেঁচা মাংস পৃথকে পৃথকে ৰাখিব লাগে।
৪)হাত ধোৱাৰ পিছত খাদ্য খোৱা।