ফাকুৱা উপলক্ষে মানুহে বিভিন্ন ৰঙেৰে উদযাপন কৰি আহিছে।কেতিয়াবা এই ৰং বা ৰাসায়নিক ৰং অত্যাধিক ব্যৱহাৰ কৰিলে ছাল আৰু চুলিৰ বিস্তৰ ক্ষতি হ’ব পাৰে।হোলী খেলাৰ পিছত যদি আপোনাৰ চুলিৰ ক্ষতি হৈছে,তেন্তে এই শিতানটো আপোনাৰ বাবে উপযোগী।চুলিখিনি পুনৰ কোমল আৰু ৰেচমী কৰি তুলিবলৈ কিছুমান হেয়াৰ মাস্ক ব্যৱহাৰ কৰিব পাৰে।

এই হেয়াৰ মাস্কবোৰ আপোনাৰ চুলিত লগালে হেৰাই যোৱা জিলিকনি পুনৰ ঘূৰি আহিব পাৰে আৰু ক্ষতিৰ পৰা ৰক্ষা কৰিব পাৰি। এই মাস্ক ব্যৱহাৰ কৰিলে ৰাতিটোৰ ভিতৰতে আপোনাৰ চুলি মেৰামতি কৰিব পাৰি।
- এলোভেৰা
– প্ৰথমে এটা বাটিত ২ চামুচ এলোভেৰা জেল লগাব লাগে।
– তাৰপিছত তাত ১ চামুচ ডালচেনিৰ গুৰি দিব লাগে।
– তাৰ পিছত, ভালদৰে মিহলাই ল’ব লাগে।
– এই মিশ্ৰণটো চুলিত লগাব লাগে।
– প্ৰায় ২০ৰ পৰা ৩০ মিনিটৰ পিছত সাধাৰণ পানীৰে চুলিখিনি ধুই পেলাব লাগে।
– ইয়াৰ বাবে চুলি হাইড্ৰেট হ’ব আৰু ইয়াৰ জিলিকনি পুনৰ ঘূৰি আহিব। - নাৰিকল তেল আৰু মৌ
– এটা বাটিত ২ চামুচ নাৰিকল তেল লব।
– তাত ২ চামুচ মৌ দি ভালদৰে মিহলাই ল’ব লাগে।
– ইয়াৰ পিছত এইখিনি অলপ গৰম কৰি চুলিত লগাব লাগে।
– ২০ মিনিটমান পিছত শ্বেম্পুৰে চুলি ধুব লাগিব।
– ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত চুলি মেৰামতি কৰাত সহায়ক হ’ব। - কল, দৈ, আৰু মৌ
– এটা বাটিত ২ টা ডাঙৰ কল ল’ব।
– এতিয়া ভালকৈ গুড়ি কৰি ল’ব লাগিব।
– তাৰ পিছত, তাত ১ চামুচ দৈ আৰু মৌ মিহলাই ল’ব।
– তাৰ পিছত, এই পেকটো চুলিত প্ৰায় ৩০ মিনিটমান ৰাখিব।
– ইয়াৰ পিছত স্বাভাৱিক চেম্পুৰে চুলি ধুই দিব।
– কলৰ গভীৰ কণ্ডিচনিং গুণে আপোনাৰ চুলিত জিলিকি উঠাত সহায় কৰে।
– মৌৱে আপোনাৰ চুলিৰ হেৰাই যোৱা জিলিকনি পুনৰ ঘূৰাই আনিব পাৰে।